অসম

assam

ETV Bharat / state

Methanol export started from APL:শনিবাৰে মিথানল ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

শনিবাৰে এপিএলৰ মিথানল ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ ৷ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চুবুৰীয়া ৰাষ্ট্ৰলৈ ৰপ্তানি হ’ব অসমৰ মিথানল ৷

Methanol export started in APL
মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ

By

Published : Jul 1, 2023, 8:51 PM IST

মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ

ডিব্ৰুগড়,1 জুলাই: ভূটান, নেপাল আৰু বাংলাদেশলৈ এপিএলৰ মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই নামৰূপস্থিত অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ দৈনিক ৫০০ মেট্ৰিকটন মিথানল উৎপাদনক্ষম বৰ্ধিত প্ৰকল্পৰ মিথানল চুবুৰীয়া ৰাষ্ট্ৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে।

বিগত ১৪ এপ্ৰিলৰ দিনা সৰুসজাই ষ্টেডিয়ামৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ বাবে উচৰ্গা কৰিছিল অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো । উদ্বোধনৰ পাচৰে পৰা দৈনিক ৫০০ টন মিথানল আৰু ২০০ টন ফৰ্মেনিল উৎপাদন কৰি আহিছে প্ৰকল্পটোৱে । পূৰ্বৰে পৰা এপিএলৰ পুৰণি প্ৰকল্পত উৎপাদিত মিথানল ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল বাংলাদেশলৈ ৰপ্তানি হৈ আহিছে যদিও এতিয়াৰে এই পৰিমাণ দুগুণলৈ বৃদ্ধি পাব আৰু আৰ্থিকভাৱে লাভবান হ’ব অসম।

উল্লেখ্য যে মিথানল ৰপ্তানিৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘এপিএলে ৰাজ্য চৰকাৰক প্ৰদান কৰিবলগীয়া ভেট কৰ অনাগত পাঁচ বছৰৰ বাবে হ্ৰাস কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰা হৈছে ৷’ আনহাতে একেটা অনুষ্ঠানতে ২০২০-২৩ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্রী গতিশক্তি আঁচনিৰ অধীনত জয়পুৰ চাৰিআলিৰ পৰা দিল্লীঘাট সংযোগী ঔদ্যোগিক পথছোৱাৰ উন্নীতকৰণৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ১৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পথ আৰু মাষ্টাৰ ড্ৰেইনে নামৰূপৰ শোভাবৰ্ধনত অৰিহণা যোগাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

এপিএলৰ চৌহদত অনুষ্ঠিত কৰা অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,মন্ত্ৰী বিমল বৰা, বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, এপিএলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, উপাধ্যক্ষ হেমন্ত গগৈ, পৰিচালন সঞ্চালক ৰাজনীশ গগৈ আদি উপস্থিত থাকে ।

লগতে পঢ়ক:108 Mrityunjoy: টিংখাঙৰ ৰাজগড়ত নিশা 108 মৃত্যুঞ্জয় সেৱাত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details