অসম

assam

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:13 PM IST

ETV Bharat / state

Riniki Bhuyan Sarma land scam: সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰত ওলাল মুখ্যমন্ত্রী পত্নীৰ ৰাজসাহায্য লাভৰ তথ্য

বিৰোধীৰ তথ্যভিত্তিক অভিযোগৰ পাছতো নিজৰ স্থিতিত অটল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । কেন্দ্ৰীয় চৰকাৰৰ পৰা এটকাও লোৱা নাই পত্নী ৰিণিকি শৰ্মা ভূঞাই । প্ৰমাণ কৰিব পাৰিলে মুখ্যমন্ত্রী পদ আৰু ৰাজহুৱা জীৱন ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই । সাংসদ পল্লৱ লোচন দাসে কৰা প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে সংসদত দিয়া তালিকাত উল্লেখ আছিল প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড নামৰ কোম্পানীটোক ১০ কোটি টকা মঞ্জুৰ কৰাৰ তথ্য ।

Etv Bharat
Etv Bharat

পত্নীৰ ভূমি বিতৰ্কক লৈ স্বামী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাফাই

গুৱাহাটী,১৫ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী আৰু ৰাজসাহায্য লাভৰ বিষয়টোৱে ৰাজ্য তোলপাৰ লগোৱাৰ উপৰি দেশৰ ৰাজনৈতিক মহলতো বিশেষ চৰ্চা লাভ কৰিছে । এই বিষয়টোক কেন্দ্ৰ কৰি বিৰোধীৰ ‍আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ ।

ইতিমধ্যে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ফুড প্ৰছেচিঙৰ বাবে কেন্দ্ৰৰ পৰা ১০ কোটি টকাৰ অনুমোদন লাভ কৰাৰ কথা তথ্য সহকাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে । অৱশ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ইয়াৰ প্ৰত্যুত্তৰো দিছে । একপ্ৰকাৰ দুয়োজনৰ মাজত চলিছে টুইটযোদ্ধ ।

তথ্য দিয়াৰ পাছতো কিন্তু এই অভিযোগক নস্যাৎ কৰি আহিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সামজিক মাধ্যমৰ উপৰিও বৃহস্পতিবাৰে নিশা সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি দোহাৰে । আনকি মুখ্যমন্ত্রীয়ে কয় যে তেওঁৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই কেন্দ্ৰীয় চৰকাৰৰ পৰা এটকাও লাভ কৰা বুলি প্ৰমাণিত হ'ল তেওঁ মুখ্যমন্ত্রী পদ ত্যাগ কৰাৰ লগতে ৰাজহুৱা জীৱন ত্যাগ কৰিব ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে আৰ টি আই (RTI) কৰিলেই সকলো গম পোৱা যাব, চেক নম্বৰ পোৱা যাব । প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ক'ৰবাত কিবা এটা কৰিব বিচৰাটো কোনো ভুল নহয় বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ১০ কোটি পোৱা হ'লে কোৱাত কি আপত্তি আছে ।

ইয়াত বিতৰ্ক হোৱাৰ কোনো কাৰণেই নাই বুলি মুখ্যমন্ত্রীয়ে অতি সহজভাৱে কয় । মুখ্যমন্ত্রীয়ে লগতে কয় যে পত্নীক টানি আনি ইমান নিম্নস্তৰৰ ৰাজনীতি কৰিব নাপায় । মুখ্যমন্ত্রীৰ এনে স্থিতিৰ বিপৰীতে বিৰোধীয়ে এই ঘটনাৰ উচ্চপৰ্যায়ৰ তদন্ত দাবী কৰিছে ।

লক্ষণীয় বিষয় যে মুখ্যমন্ত্রীৰ পত্নীয়ে কেন্দ্ৰৰ পৰা ১০ কোটি টকাৰ ৰাজসহায্য লাভ কৰাৰ যি তথ্য সাংসদ গৌৰৱ গগৈয়ে দাঙি ধৰিছে তাৰ উৎস কি ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি শৰ্মা ভূঞাৰ মালিকানাধীন কোম্পানীয়ে কেন্দ্রীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ তথ্য কোনে পোহৰলৈ আনিলে । বৰ্ত্তমান এই উৎসক কেন্দ্ৰ কৰি সৰব চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনৈতিক মহলত ।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত সংসদৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ট তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে অসমত উদ্যোগীকৰণৰ ক্ষেত্রত কৰা বিনিয়োগৰ ওপৰত লোকসভাত এটা প্রশ্ন উত্থাপন কৰিছিল । ২১ মার্চত উত্থাপন কৰা প্ৰশ্নটোৰ উত্তৰ হিচাবে অসমত উদ্যোগীকৰণক সমর্থন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কি কি প্রকল্প আৰু আঁচনিত পুঁজি বিনিয়োগ কৰিছে তাৰ বিতং তথ্য বিচাৰিছিল সাংসদ পল্লৱলোচন দাসে ।

সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰত ওলাল মুখ্যমন্ত্রী পত্নীৰ ৰাজসাহায্য লাভৰ তথ্য

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে এই প্ৰশ্নৰ উত্তৰ দিছিল । উত্তৰত এখন তালিকা দিয়া হৈছিল আৰু যিখন তালিকাত উল্লেখ আছিল যে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড নামৰ কোম্পানীটোক ২০২১ চনৰ ১০ নৱেম্বৰত ১০ কোটি টকা মঞ্জুৰ কৰা হৈছে ।

সদনত সাংসদ পল্লৱলোচন দাসে কৰা প্ৰশ্নৰ প্ৰতিলিপি

নগাঁও জিলাত ৰূপায়ন কৰিবলগীয়া কৃষিভিত্তিক উদ্যোগ এটাৰ বাবে কোম্পানীটোৱে এই ধন লাভ কৰিছে । এই প্ৰকল্পটোৰ মুঠ ব্যয়ৰ পৰিমাণ ২৫.৮৭৭ কোটি টকা ।

সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰ

লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ট আৰু বিশ্বস্ত হিচাবে ৰাজনৈতিক মহলত পৰিচিত সাংসদ পল্লৱলোচন দাসৰ এই প্ৰশ্ন আৰু ইয়াৰ উত্তৰে এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত । সাংসদ পল্লৱলোচন দাসৰ প্ৰশ্নৰ উত্তৰৰ এই তথ্যৰ ভিত্তিতেই সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাইছে ।

আনহাতে আন বিৰোধী সলসমূহেও আক্ৰমণ কৰাৰ সুবিধা লাভ কৰিছে । ইফালে, মার্চ মাহতে লোকসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ এটা প্রায় ছমাহ পিছত কিদৰে চৰ্চালৈ আহিল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে । কিন্তু যিয়েই নহওক কিয় এই বিষয়টোক কেন্দ্ৰ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা যথেষ্ট অস্বস্তিত পৰিছে ।

লগতে পঢ়ক:Assam CM wife land scam: ৰিণিকি ভূঞাৰ ভূমি বিতৰ্কক লৈ উত্তাল সদন; ফালৰি কাটি বিহাৰ পালেগৈ হিমন্ত

ABOUT THE AUTHOR

...view details