অসম

assam

ETV Bharat / state

নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি - অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। অইল ইণ্ডিয়া লিমিটেডক দিলে বিনিয়োগৰ দ্বিতীয় কিস্তিৰ ৫০০ কোটি টকা। মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ অইল খণ্ডৰ ১২ কোটি টকাৰ আৰ্থিক সাহায্য।

নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি
নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি

By

Published : May 27, 2021, 10:44 PM IST

গুৱাহাটী,২৭ মে': নুমলীগড় তেল শোধনাগাৰ লিমিটেডত অসম চৰকাৰৰ অংশীদাৰিত্ব তথা শ্বেয়াৰ ১২.৫ শতাংশৰ পৰা ২৬ শতাংশলৈ বৃদ্ধি পালে। এই অংশীদাৰিত্বৰ বাবে অসম চৰকাৰে বিনিয়োগ কৰিবলগীয়া মুঠ ধনৰ পৰিমাণ হৈছে ২,১৫০ কোটি টকা।

ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডক অসম চৰকাৰে প্ৰথম কিস্তি হিচাপে ৫০০ কোটি টকা দিয়াৰ পাচত বৃহস্পতিবাৰে দ্বিতীয় কিস্তিৰ ৫০০ কোটি টকা আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৫০০ কোটি টকাৰ চেক অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰক প্ৰদান কৰে।

ইয়াৰ পাচতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অইল ইণ্ডিয়াক দিবলগীয়া বাকী ১,১৫০ কোটি টকা ছেপ্তেম্বৰ মাহৰ ভিতৰত প্ৰদান কৰা হ'ব। আজিৰ দিনটো অসমৰ বাবে এটা উল্লেখযোগ্য দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী শৰ্মাই কয়- "২০২০-২১ ৰ বাজেটত কৰা ঘোষণা অনুসৰি নুমলীগড় শোধনাগাৰৰ ৰাজ্য চৰকাৰৰ শ্বেয়াৰ ১২.৫ শতাংশৰ পৰা ২৬ শতাংশলৈ বৃদ্ধি কৰা হ'ল । এটা জটিল আৰু দিঘলীয়া প্ৰক্ৰিয়াৰে আমি এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হলো । নুমলীগড় শোধনাগাৰৰ লগত অসমবাসীৰ আবেগ জড়িত হৈ আছে । অসম চৰকাৰৰ শ্বেয়াৰৰ পৰিমাণ বৃদ্ধিৰ লগে লগে ইয়াৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অস্তিত্ব ৰক্ষা হ'ব। অসম চুক্তিৰ সময়তো নুমলীগড় শোধনাগাৰৰ ২৬ শতাংশ শ্বেয়াৰ লোৱাৰ সুবিধা আছিল যদিও লোৱা নহ'ল। এতিয়া আমি সুবিধা পালো আৰু সেই সুবিধা গ্ৰহণ কৰিলো ৷ ১২.৫ শতাংশ শ্বেয়াৰ থাকোতে আমি বিগত বৰ্ষত লাভ কৰিছিলো ৩৩৫ কোটি টকা। এতিয়া ৫০০ কোটি টকাৰো অধিক পাম । আগন্তুক চাৰি-পাঁচ বছৰত এই বিনিয়োগৰ প্ৰকৃত ফল ৰাজ্য চৰকাৰে লাভ কৰিবলৈ সক্ষম হ'ব।"

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে, "নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ২০২৪ চনত সেই অনুপাতে উৎপাদন হ'ব। উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে অসম চৰকাৰে লাভ কৰিব ১,৫০০ কোটি টকা ৷ অইল খণ্ডক লৈ বহু উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ আগন্তুক সময়ত ইয়াৰ ফলাফল পোৱা যাব। সেইদৰে পাৰাদ্বীপৰ পৰা খাৰুৱা তেল অনাৰ বাবে পাইপ লাইন বহুওৱা হৈছে । বাহিৰৰ পৰা খাৰুৱা তেল আহিলে বঙাইগাঁও আৰু গুৱাহাটী শোধনাগাৰৰো উৎপাদন ক্ষমতা বৃদ্ধি পাব। অসমৰ অৰ্থনীতিত অইল খণ্ডৰ গুৰুত্ব অপৰিসীম। অইল কোম্পানী নাথাকিলে অসমৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব।'

মুখ্যমন্ত্রীয়ে অসম গেছ কোম্পানী, আসাম পেট্ৰ'কেমিকেল, গেছ ক্ৰেকাৰ, নামৰূপ ফাৰ্টিলাইজাৰ কোম্পানী আদিৰ যোগেদি অসমৰ সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰে ৷ মুখ্যমন্ত্রীয়ে কয় যে, ৰাজ্য চৰকাৰে কৰবিহীন ৰাজহ আদায়ৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াৰ বাবেই এনেদৰে বিনিয়োগ কৰা হৈছে ৷ ইফালে ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ অইল খণ্ডই এতিয়ালৈকে মুঠ ১২ কোটি টকাৰ সাহায্য আগবঢ়াইছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে।

সংবাদমেলত মন্ত্রী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ আৰু অতুল বৰা, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা, ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল।

লগতে পঢ়কঃ বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ: পালন কৰা হৈছে 'ক'লা দিৱস'

ABOUT THE AUTHOR

...view details