অসম

assam

ETV Bharat / state

Assam CM on National Games : ২০৩০ চনৰ ভিতৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া; মুখ্যমন্ত্ৰী

প্ৰায় দুটা দশক পিছত অসমত পুনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ দিশে আগবাঢ়িছে । আমিনগাঁও, চন্দ্ৰপুৰ আৰু সৰুসজাইত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ'ব । এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

Assam CM on National Games
Assam CM on National Games

By

Published : Jul 4, 2023, 5:39 PM IST

আমিনগাঁৱৰ নৱনিৰ্মিত ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

উত্তৰ গুৱাহাটী, ৪ জুলাই :২০৩০ চনৰ ভিতৰত অসমত পুনৰ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া । ক্ৰমান্বয়ে শান্ত হৈছে মণিপুৰৰ পৰিস্থিতি । উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য, আমিনগাঁৱত নিৰ্মাণৰত অৱস্থাত থকা ইনড'ৰ ষ্টেডিয়ামটো মঙলবাৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে । তাত তেওঁ ষ্টেডিয়ামটোৰ নিৰ্মাণকাৰ্যৰ বিভিন্ন দিশ সন্দৰ্ভত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ পৰা তথ্য বিচাৰে । লগতে সমগ্ৰ নিৰ্মাণকাৰ্যৰ তদাৰক কৰে । ষ্টেডিয়ামটো পৰ্যবেক্ষণৰ অন্তত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰায় দুটা দশক পিছত অসমত পুনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ দিশে আগবাঢ়িছে । ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি এতিয়া সম্পূৰ্ণ উপলব্ধ ।

ৰাজ্যৰ আমিনগাঁও, চন্দ্ৰপুৰ আৰু সৰুসজাইত এই ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ'ব বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, চন্দ্ৰপুৰত দিব্যাংগসকলৰ বাবে এক অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় । আনহাতে, আমিনগাঁৱৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়ামটো দেশৰ সৰ্ববৃহৎ বেডমিণ্টন ষ্টেডিয়াম হিচাপে সাজু কৰা হৈছে বুলিও তেওঁ কয় । ষ্টেডিয়ামটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে আমিনগাঁও বেডমিণ্টন ষ্টেডিয়ামলৈ আন্তঃৰাষ্ট্ৰীয় তাৰকা বেডমিণ্টন খেলুৱৈৰ আগমন ঘটিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে ।

উল্লেখ্য যে অহা ১১ আগষ্টত আমিনগাঁও ইনড'ৰ ষ্টেডিয়াম আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । আনহাতে, আমিনগাঁও ষ্টেডিয়ামতে নিৰ্মাণ কৰা হৈছে বিশ্বমানৰ এক ছুইমিং পুল । ইফালে ৰাজ্যিক প্ৰশাসন সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত নতুন প্ৰশাসনিক সেৱাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ । সম্পূৰ্ণ ই-অফিচৰ দিশে আগবাঢ়িছে ৰাজ্যৰ প্ৰশাসনিক বিভাগ । যাৰ ফলত উপায়ুক্ত কাৰ্যালয়, ৰাজহচক্ৰ কাৰ্যালয় আদিত জনসমাগম নাথাকিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় ।

ই-অফিচ ধাৰণাৰে পৰৱৰ্তী দিনত ৰাজ্য চৰকাৰ আগবাঢ়িব বুলি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইফালে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয় কয় যে মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে শান্ত হৈছে । কম সময়ৰ ভিতৰতে ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলিও তেওঁ কয় । আনহাতে, অসম আৰক্ষী সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে আগন্তুক ৫ বছৰত অসম আৰক্ষীক দেশৰ ভিতৰতে নিকা আৰক্ষী হিচাপে গঢ়ি তোলা হ'ব ।

বিগত ৪ দিনত বিভিন্ন অভিযোগত ৪ জন আৰক্ষীক নিলম্বিত কৰা সম্পৰ্কত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যৰ নতুন নিযুক্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান নিযুক্তি পোৱা বিষয়া-কৰ্মচাৰীসকল ঘোচখোৰ নহয় । কিয়নো তেওঁলোকৰ নিযুক্ত সম্পূৰ্ণ স্বচ্ছতাৰে হৈছে । ঘোচ দি চাকৰি লোৱাসকলহে দুৰ্নীতিগ্ৰস্ত হয় বুলিও তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে উগ্ৰপন্থীৰ দমনৰ ষ্টাইলত কাম কৰা অসম আৰক্ষীক জন হিত জন সেৱাৰ্থে গঢ়ি তোলা হ'ব । অসম আৰক্ষীয়ে জনসাধাৰণৰ অধিক ওচৰ চাপি কাম কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :Vice President in Guwahati : গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details