গুৱাহাটী, 7 জুন: দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰে ৷ মধ্য প্ৰদেশৰ গোৱালিয়ৰত মঙলবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ কন্যাৰ বিবাহ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে ৷ জানিব পৰা মতে এই সাক্ষাৎ সৌজন্যমূলক আছিল (CM Himanta Biswa Sarma) ৷
কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ কন্যাৰ বিবাহ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ দিল্লীলৈ উভতি যাব আৰু দিল্লীত কিছু সময় অতিবাহিত কৰি নিশাৰ ভাগত গুৱাহাটীলৈ উৰা মাৰিব ৷ উল্লেখযোগ্য যে, মধ্য প্ৰদেশলৈ অহাৰ পূৰ্বে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে এক বৈঠকত মিলিত হয় ৷ বৈঠকত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰা হয় ৷ অসমত ক্ষিপ্ৰতাৰে আগবাঢ়িছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ এই সমগ্ৰ বিষয়টোকলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকত আলোচনা কৰে (Himanta Biswa Sarma two day visit to Delhi) ৷
বৈঠকত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংহলেও অংশ গ্ৰহণ কৰে ৷ নৰ্থ ব্লকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ত অনুষ্ঠিত প্ৰায় আধা ঘণ্টাৰ বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ গঠনৰ কাম সম্পন্ন হোৱাটো যে কিমান জৰুৰী সেই বিষয়ত অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ৷ কিন্তু মন্ত্ৰী অশোক সিংহলে বিগত প্ৰায় এসপ্তাহ ধৰি সমষ্টি পুনৰ গঠন সংক্ৰান্তীয় কাম-কাজক লৈ নতুন দিল্লীত বাহৰ পাতি আছে (Assam CM Visit MP) ৷
লক্ষণীয় বিষয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বিচাৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে ৷ ইয়াৰ বাবে বিগত বৰ্ষৰ 27 ডিচেম্বৰত নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছিল ৷ উল্লেখ্য যে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ অনুৰোধ মৰ্মে নিৰ্বাচন আয়োগে ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কামখিনি সমাপ্ত কৰিছে ৷ 1950 চনৰ জনপ্ৰতিনিধি আইনৰ 8 এ ধাৰা মৰ্মে 2001 চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ গঠনৰ কাম চলি আছে ৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোকলৈ ৰাজ্যৰ বিৰোধী দলসমূহ অসন্তুষ্ট হৈ থকাৰ লগতে কেইবাটাও দলে ইয়াৰ বিৰোধীতা কৰিছে (Assam CM meets Shivraj Singh Chauhan) ৷
লগতে পঢ়ক:Kuki Community Protest : অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কুকি সম্প্ৰদায়ৰ