অসম

assam

ETV Bharat / state

হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ

প্ৰসিদ্ধ সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেওঁৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাই গভীৰ শোক প্ৰকাশ কৰে ৷

By

Published : May 12, 2021, 10:45 AM IST

CM Himanta Biswa Sarma tweet on demise of Homen Bargohain
হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ

নিউজ ডেস্ক,12 মে’ :অসমৰ প্ৰসিদ্ধ সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত অসমীয়া সাহিত্য জগতৰ লগতে ৰাজ্যুজুৰি পৰিছে শোকৰ ছাঁ ৷ অলেখ গুণমুগ্ধৰ লগতে সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

টুইটযোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে যে, অসমীয়া জাতিয়ে এগৰাকী অভিভাৱক হেৰুৱালে ৷ যশস্বী সাংবাদিক হোমেন বৰগোহাঞিৰ বিয়োগে অসমীয়া সমাজত এক বৃহৎ শূণ্যতা কঢ়িয়াই আনিলে ৷

ইয়াৰোপৰি, হোমেন বৰগোহাঞিৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৱ নিৰ্বাচিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ নেতা ৰিপুণ বৰাকে ধৰি বহু ৰাজনৈতিক নেতাই হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

পুৱা 6.58 মিনিটত দিছপুৰস্থিত জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী সাংবাদিক হোমেন বৰগোহাঞিয়ে ৷ উল্লেখ্য যে, বিগত 7 মে’ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছিল সাহিত্যিকগৰাকীয়ে ৷

কিন্তু পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিল ৷ অৱশেষত ইহ সংসাৰৰ পৰা বিদায় মাগিলে অসমীয়া সাহিত্যৰ মহীৰূহগৰাকীয়ে ৷

লগতে পঢ়ক :জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ

ABOUT THE AUTHOR

...view details