গুৱাহাটী, 1 আগষ্ট : গুৱাহাটীৰ বিজুলী ভৱন (Bijulee Bhawan)ত দেওবাৰে তিনিটা বিদ্যুৎ কোম্পানী (Electricity Company) ক্ৰমে- APDCL, AEGCL আৰু APGCL ৰ শীৰ্ষ বিষয়ববীয়াৰে এক পৰ্যালোচনা বৈঠক (Meeting) ত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । বৈঠকত কোম্পানী তিনিটাৰ কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে উক্ত বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা চাহ বাগানৰ শ্ৰমিক তথা BPL উপভোক্তাসকলৰ ওপৰত 20 শতাংশ চাৰ্জ আৰোপ কৰা নহ’ব আৰু বকেয়া বিল 10 টা কিস্তিত পৰিশোধ কৰিব পাৰিব উপভোক্তাসকলে ।
বিদ্যুৎ কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক লগতে পঢ়ক :বিৰোধী বিধায়ক হৈ বহুখিনি কাম কৰিব নোৱাৰিলোহেতেন : সুশান্তৰ প্ৰতিক্ৰিয়া
আনহাতে, APDCL য়ে 1,600 টা পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা হ’ব । 4,80,249 টা পৰিয়ালক নতুনকৈ বিদ্যুৎ সংযোগ প্ৰদানৰ ক্ষেত্ৰত সৌভাগ্য প্ৰকল্পৰ বাবে কেন্দ্ৰই অসম চৰকাৰক মুঠ 1,719 কোটি টকা মঞ্জুৰি দিছে । ৰাজ্যৰ 48,557 টা অংগনবাদী কেন্দ্ৰ আৰু 13,321 খন এল পি স্কুলত ডিচেম্বৰৰ ভিতৰত বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব ।
বিদ্যুৎ কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক চৰকাৰী বিষয়াসকলে প্ৰতি মাহৰ 1 তাৰিখে বিদ্যুৎ মাচুল প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, বিদ্যুৎ চুৰি, ট্ৰান্সমিশ্যন ক্ষতি আদিৰ বাবে প্ৰতি মাহে হোৱা প্ৰায় 102 কোটি টকা লোকচান ৰোধ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হ’ব । APDCLৰ জুলাই মাহত ৰাজহ সংগ্ৰহৰ পৰিমাণ 300 কোটি টকালৈ বৃদ্ধি কৰা হৈছে ।
লগতে পঢ়ক :কাৰাগাৰৰ বন্ধ কুঠৰীত সৃষ্টিশীলতাৰ অনন্য নিদৰ্শন