অসম

assam

ETV Bharat / state

মহানায়ক বিজু ফুকনৰ আজি ষষ্ঠ মৃত্যু বাৰ্ষিকী

Biju Phukan On His 6th Death Anniversary :অসমীয়া ছবিৰ 'বিগ বি' বিজু ফুকনৰ আজি মৃত্যু বাৰ্ষিকী । ২০১৭ চনৰ ২২ নবেম্বৰৰ দিনটোতেই চিৰদিনৰ বাবে নোহোৱা হৈছিল অসমীয়া ছবিৰ প্ৰথমজন ছুপাৰষ্টাৰ বিজু ফুকন ৷

CM Himanta Biswa Sarma Remembering Legendary Actor Biju Phukan On His 6th Death Anniversary
বিজু ফুকনৰ মৃত্যু বাৰ্ষিকী

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 3:15 PM IST

গুৱাহাটী, ২২ নৱেম্বৰ: অসমীয়া ছবিৰ ‘বিগ বি’ বিজু দা বিহীন ৬ টা বছৰ । ২০১৭ ৰ আজিৰ দিনটোতে সামৰণি পৰিছিল এক পৰিক্ৰমাৰ । ২০১৭ চনৰ ২২ নবেম্বৰৰ দিনটোতেই আকাশৰ তৰা হ'বলৈ গুছি গৈছিল অসমীয়া ছবিৰ প্ৰথমজন ছুপাৰষ্টাৰ বিজু ফুকন । জীৱনৰ ৭০ টা বসন্ত অতিক্ৰম কৰি সকলোকে কন্দুৱাই মেলানি মাগিছিল অজান দেশলৈ ।

১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে । বিশিষ্ট অভিনেতাগৰাকীয়ে তেওঁৰ জীৱনকালত প্ৰায় ৮০ খনতকৈও অধিক অসমীয়া ছবিত অভিনয় কৰি অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । ১৯৬৯ চনত ব্ৰজেন বৰুৱাৰ "ডাঃ বেজবৰুৱা" ছবিখনৰ জৰিয়তে অভিনয় জগতৰ পাতনি মেলিছিল । কিন্তু ১৯৭০ চনত নিপ কুমাৰ বৰুৱাৰ দ্বাৰা পৰিচালিত "বৰুৱাৰ সংসাৰ" ছবিখনৰ জৰিয়তে মূল নায়কৰ চৰিত্ৰত অভিনয় কৰে ।

ইয়াৰ পিচতেই তেখেতে আজলী নবৌ, বোৱাৰী, অপৰূপা, পিতা–পুত্ৰ, ভাই–ভাই, স্নেহ, অগ্নিস্নান, ৰঙানদী, বাৰুদ , দেউতা দিয়া বিদায়কে ধৰি বহু কেইখন ছুপাৰ হিট ছবিত অভিনয় কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ বিজু ফুকনৰ অন্তিমখন ছবি আছিল দ্যা আণ্ডাৰৱৰ্ল্ড । কেৱল অসমীয়া ছবিতেই নহয়, তেখেতে অসমীয়া ছবিৰ লগতে বাঙালী ছবিতো অভিনয় কৰিছিল ।

ইফালে ছবিত অভিনয় কৰাৰ উপৰিও ভ্ৰম্যমাণ থিয়েটাৰতো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । কিন্তু ২০১৭ চনৰ আজিৰ দিনটোতেই সকলোকে বিদায় দি অজান পৃথিৱীলৈ গুচি গৈছিল ছুপাৰষ্টাৰগৰাকী ৷ সেয়েহে, আজিৰ দিনটোত ৰাজ্যবাসীয়ে স্মৰণ কৰিছে প্ৰিয় অভিনেতাগৰাকীক ।

অভিনেতাগৰাকীৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম যোগে পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে ,‘‘অসমৰ সাংস্কৃতিক জগতখনৰ এটি চিৰসেউজ নাম মহানায়ক বিজু ফুকন ৷ অসমীয়া চিনেমাত বিজুদাৰ মননশীল অভিনয় মোৰ স্মৃতিপটত আজিও সজীৱ হৈ আছে । বিজুদা কায়িকভাৱে আজি নাই যদিও তেখেতৰ শৈল্পিক নিপুণতাৰ স্বাক্ষৰে আমাৰ মাজত তেখেতক সদায়েই জীয়াই ৰাখিব । আজি পবিত্ৰ পুণ্যতিথিত শ্ৰদ্ধাৰ বিজুদালৈ অন্তৰেৰে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ ৷’’

লগতে পঢ়ক:জুবিন গাৰ্গৰ জন্মদিন উদযাপন অনুৰাগীৰ

ABOUT THE AUTHOR

...view details