অসম

assam

ETV Bharat / state

লাভলীনা আৰু হিমাক যিমান দিলেও কম হ'ব : হিমন্ত বিশ্ব শৰ্মা - পি ভি সিন্ধু

"মোৰ শক্তিৰে পৰা হ'লে উপায়ুক্ত কৰি দিলো হয় । আমি তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰি তুলিব লাগিব । চুবুৰীয়া ৰাজ্যৰ মাজত আমি শান্তি বিচাৰো । কংগ্ৰেছৰ একাংশই আমাৰ লগত আহিব বিচাৰে"- বৃহস্পতিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই ।

CM HIMANTA BISWA SARMA REACTION ON HIMA, LOVLINA
হিমা আৰু লাভলীনাৰ নিযুক্তিক লৈ আৰম্ভ হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

By

Published : Aug 5, 2021, 9:19 PM IST

গুৱাহাটী, ৫ আগষ্ট : "হিমা দাস(Hima Das)ক উপ-আৰক্ষী অধীক্ষক (DSP) পদত নিযুক্তি দিয়াক লৈ ছ'চিয়েল মিডিয়াত যি চৰ্চা হৈছে সেয়া ঠিক নহয় । অন্ধ্ৰপ্ৰদেশ চৰকাৰেও পি ভি সিন্ধুক ভাল পদবী দিছে, মণিপুৰত মীৰাবাঈ চানুকো দিছে । গতিকে মোৰ প্ৰচেষ্টা হ'ব উপ-আৰক্ষী অধীক্ষক নহয় আৰু যদি তাৰ ওপৰত কিবা দিব পাৰো তাৰ বাবে চেষ্টা কৰিম । মই ছ'চিয়েল মিডিয়াৰ কথা-বতৰাত সন্মত নহয়" ৷

দৌৰবিদ হিমা দাসক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াক লৈ ছ'চিয়েল মিডিয়াত হোৱা বিতৰ্ক সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই সংবাদ মাধ্যমৰ আগত এইদৰে কয় ।

মুখ্যমন্ত্রীগৰ‍াকীয়ে কয়, "হিমা দাসে অসমৰ বাবে সুনাম কঢ়িয়াই আনিছে, এতিয়া লাভলীনাই অসমলৈ সুনাম কঢ়িয়াই আনিছে । এই দুয়োগৰাকীক যদি মোৰ শক্তিয়ে পাৰিলে হয় তেন্তে উপায়ুক্ত কৰি দিলো হয় । কিন্তু মোৰ শক্তিয়ে সেয়া কৰিব নোৱাৰে আৰু তেওঁলোকক আমি যিমানেই দিও সিমান কম হৈ থাকিব" ।

হিমা আৰু লাভলীনাৰ নিযুক্তিক লৈ আৰম্ভ হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ছ'চিয়েল মিডিয়াত এইবোৰ কথাক লৈ বিতৰ্কৰ সৃষ্টি কৰা উচিত নহয় বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, হিমা আৰু লাভলীনাই আমাৰ বাবে জীৱনৰ বহু মূল্যবান সময় দিছে । গতিকে লাভলীনা আৰু হিমাক যিমান দিলেও কম হ'ব ৷

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, ‘‘প্ৰতিখন ৰাজ্যতে খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিলে চৰকাৰে চাকৰি দিয়ে । নহ'লে তেওঁলোকৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত হ'ব’’ ।

খেলুৱৈসকলে কৰা কষ্টৰ কথা সোঁৱৰাই দি তেওঁ কয় যে, ‘‘তেওঁলোকে নিজৰ মূল্যৱান সময়খিনি আমাক দিলে । গতিকে আমি বিচাৰিম নেকি যে বৃদ্ধ কালত সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰক যে, হিমা দাস, লাভলীনা বৰগোহাঁয়ে দৰিদ্ৰতাত ভুগিছে । সেয়া আমি নিবিচাৰো । ছ'চিয়েল মিডিয়াৰ কথাক মই নিৰন্তৰভাৱে প্ৰত্যাখ্যান কৰিছো । আমি তেওঁলোকৰ ভবিষ্যৎ সুৰক্ষিত কৰি তুলিব লাগিব ।’’

হিমা আৰু লাভলীনাৰ নিযুক্তিক লৈ আৰম্ভ হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আনহাতে, অসম-মিজোৰাম সীমা বিবাদ প্ৰসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় ‘‘অসম-মিজোৰাম আৰু চুবুৰীয়া ৰাজ্যৰ মাজত আমি শান্তি বিচাৰো । অসম আৰু মিজোৰামে যৌথভাৱে সীমান্তত আৰু সুৰক্ষা বল স্থাপন নকৰো বুলি সিদ্ধান্ত ল'লে স্থায়ী শান্তি সম্ভৱ হ'ব । আমাৰ ৬ জন জোৱান শ্বহীদ হোৱাৰ পাছতো এতিয়ালৈ মিজোৰাম চৰকাৰে শোক বাৰ্তা প্ৰেৰণ কৰা নাই । আমি বিচাৰো তেওঁলোকে এই বাৰ্তা প্ৰেৰণ কৰক’’ ।

তেওঁ কয় যে, অসমে বেলেগ একোৱেই বিচৰা নাই, কেৱল শান্তি বিচাৰিছে । কংগ্ৰেছৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে, কংগ্ৰেছৰ পৰা সকলো বিজেপিত আহিব বিচাৰে । অন্তৰৰ পৰা তেওঁলোক বিজেপিৰ লগত আছে, কেৱল শৰীৰতো তাত আছে ।

তেওঁ কয় যে, একাংশই বিজেপিৰ লগত আহিব বিচাৰে । কিন্তু নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত নাহে । চৰাঞ্চলত বিজেপিক ভোট দিওঁ বুলি ক'লে সকলো বিধায়ক বিজেপিলৈ আহিব বিচাৰিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই মন্তব্য কৰে ।

লগতে পঢ়ক:৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে

ABOUT THE AUTHOR

...view details