গুৱাহাটী, ২৯ মে’:নদী-৩ ঘোষণাই আঞ্চলিক সহযোগিতা আৰু অৰ্থনৈতিক উত্তৰণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিব । এই সন্মিলনে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰ বিকাশ সাধন কৰাৰ লগতে সম্পদৰ সম্ভাৱনীয়তাক কাৰ্যকৰী কৰাৰ দিশতো এক গতিশীল পথ মুকলি কৰিব । সন্মিলনত যিবোৰ বিষয় আলোচনা কৰা হ’ল তাক বাস্তৱায়িত কৰাৰ দিশত উমৈহতীয়া এক প্ৰয়াস চলালে অদূৰ ভৱিষ্যতে যোগাযোগকে ধৰি সকলো দিশতে বিকাশৰ এক সাৰ্বিক প্ৰক্ৰিয়া আৰম্ভ হ'ব ।
দেওবাৰে ‘এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ ২০২২’ (নদী-৩)ৰ(Asian Confluence River Conclave 2022) সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে এই সন্মিলনে আঞ্চলিক সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ই এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বি বি আই এন, আছিয়ান আৰু বিমষ্টেক অঞ্চলত এই সহযোগিতাই সম্ভাব্য খণ্ডসমূহক অধিক গতিশীল কৰি তুলিব ।
এই সন্মিলনত আলোচিত বিষয়সমূহে সংহত অর্থনীতি এটা গঢ়ি তোলাৰ দিশতো সহায়ক হৈ উঠিব । ভূ-ৰাজনৈতিক পৰিস্থিতি, দূৰদৰ্শিতা আৰু পৰিৱেশগতভাৱে প্ৰাকৃতিক সম্পদ ৰাজিৰ উপযুক্ত ব্যৱহাৰৰ সৈতে সহযোগিতা আৰু যোগাযোগ ব্যৱস্থা এই অঞ্চলটোৰ অৰ্থনৈতিক সমৃদ্ধিৰ মূল চাবি-কাঠি বুলি তেওঁ কয় । এই সন্মিলনত যোগাযোগ, সংৰক্ষণ, বাণিজ্য, সংস্কৃতি আৰু সামৰ্থ বিকাশৰ দিশত হোৱা আলোচনাই পাৰস্পৰিক বুজাবুজি আৰু অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ বিন্দু হৈ পৰিব ।
নদী আমাৰ জীৱন আৰু এই নদীৰ পাৰতে মানৱ সভ্যতা বিকশি উঠিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সভ্যতাক অধিক সৱলীকৰণ কৰাৰ বাবে বাণিজ্যিক দিশটোৰ সূচনা হৈছিল আৰু সামগ্ৰী তথা সেৱাৰ আদান প্ৰদানৰ পথ মুকলি কৰিছিল । সেই বাবে নদী যোগাযোগ ব্যৱস্থাটো অধিক শক্তিশালীকৰণৰ প্ৰয়োজনীয়তা আছে । তেওঁ কয় যে দলং, পথ, জলপথ আৰু আকাশী পথৰ উন্নয়ন সাধনৰ প্ৰয়োজনীয়তা আছে ।
আমাৰ অৰ্থনীতিত বাঁহে গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱাৰ যথেষ্ট সমল আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ৪২ প্ৰজাতিৰ বাঁহ পোৱা যায় (Species of bamboo in Assam)। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজেদি এছিয়ান দেশসমূহৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালীকৰণ ওপৰত এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ কথা উল্লেখ কৰাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ অৰ্থনীতিক বিকাশৰ সম্ভাৱনাসমূহৰ উপযুক্ত প্ৰয়োগ সাধন কৰিব পাৰিলে ৰাজ্যখনে অর্থনৈতিক দিশত অধিক আগুৱাই যাব পাৰিব ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এছিয়াৰ নদী ক্ৰুজ হাব(River cruises in Assam) হিচাপে অসমক গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে । বন্দৰ, জলপথ আৰু জাহাজ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত এক উৎসাহজনক স্থিতিৰে কাম কৰি আছে বুলিও তেওঁ কয় । বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশখনে সোণালী জয়ন্তী বর্ষ উদযাপনৰ সময়ত ভাৰতৰ সৈতে সম্পৰ্ক অধিক গাঢ় কৰাৰ বাবে প্ৰয়াস চলাইছে । উপগ্ৰহ ভিত্তিক ছৱি প্ৰক্ৰিয়াকৰণ আৰু নদী যোগাযোগৰ মাধ্যমেৰে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰটো বাংলাদেশ চৰকাৰে সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।