অসম

assam

প্ৰতিমাহে দুদিনকৈ মন্ত্ৰীয়ে পাতিব লাগিব নৈশভোজ : মুখ্যমন্ত্ৰী

By

Published : Jun 14, 2021, 7:52 PM IST

মন্ত্ৰীসভাৰ সদস্যসকলৰ বাবে এক নতুন নিয়ম প্ৰযোজ্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই ৷ মন্ত্ৰী (Minister)সকলৰ সৈতে একাধিক বিধায়ক (MLA)ক লৈ একোটা গোট গঠন কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ মঙলবাৰে নিজ নিজ গোটৰ বিধায়কক নিজ ঘৰলৈ নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাব লাগিব মন্ত্ৰীসকলে ৷

new rule of cm
মুখ্যমন্ত্ৰীৰ নতুন নিয়ম

গুৱাহাটী,14 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ বাবে আৰম্ভ কৰিছে এক নতুন নিয়ম । প্ৰতিগৰাকী মন্ত্ৰী (Minister)ৰ সৈতে একাধিক বিধায়ক (MLA)ক লৈ একোটা গোট গঠন কৰি দিছে মুখ্যমন্ত্ৰীয়ে । মিত্ৰদল অগপ (AGP) আৰু ইউপিপিএল (UPPL)ৰ বিধায়কসকলকো সংলগ্ন কৰা হৈছে এই গোটত । নতুন নিয়ম অনুসৰি, মন্ত্ৰীসকলে তেওঁলোকৰ লগত সংলগ্ন কৰি দিয়া বিধায়কৰ গোটসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি চলিব ।

ইয়াৰোপৰি, প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ মঙলবাৰে নিজ নিজ গোটত থকা বিধায়কসকলক নিজ ঘৰলৈ নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাব লাগিব মন্ত্ৰীসকলে । সেই নৈশ ভোজনতে চৰকাৰখনৰ কাম-কাজ সন্দৰ্ভত যদি কিবা আসোঁৱাহ আছে বা ৰাইজে চৰকাৰখনৰ বিষয়ে কি ভাবে ইত্যাদি কথাবিলাক কিম্বা অভিযোগসমূহ বিধায়কসকলে নিজা নিজা গোটৰ মন্ত্ৰীসকলক অৱগত কৰিব আৰু সেইসমূহ সংশ্লিষ্ট মন্ত্ৰীয়ে লিপিবদ্ধ কৰি প্ৰতি বুধবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব ।

মুখ্যমন্ত্ৰীৰ নতুন নিয়ম

জানো আহক কোন মন্ত্ৰীৰ সৈতে কোন কোন বিধায়কক লৈ এই গোট গঠন কৰি দিছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ গোটটোত থাকিব বিধায়ক অজয় কুমাৰ ৰায়, ৰীপক শৰ্মা, জিতু গোস্বামী, বিশ্বজিৎ ফুকন, ডাঃ নোমল মমিন আৰু ৰূপেশ গোৱালা । মন্ত্ৰী ৰণজিৎ দাসৰ লগত থাকিব বিধায়ক অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰঞ্জিৎ দত্ত আৰু পদ্ম হাজৰিকা । মন্ত্ৰী অতুল বৰাৰ লগত থাকিব বিধায়ক নন্দিতা গাৰ্লোচা, ফণীভূষন চৌধুৰী, ভূপেন বড়ো আৰু বিদ্যাছিং ইংলেং । মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগত থাকিব বিধায়ক জয়ন্ত বসুমতাৰী, ভাস্কৰ শৰ্মা, গোবিন্দ বসুমতাৰী আৰু পৃথ্বীৰাজ ৰাভা । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত দিয়া হৈছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হিতেন্দ্ৰ নাথ গোস্বামী, ভৱেশ কলিতা, প্ৰদীপ হাজৰিকাক ।

মুখ্যমন্ত্ৰীৰ নতুন নিয়ম

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত দিয়া হৈছে মিহিৰ কান্তি সোম, প্ৰমোদ বৰঠাকুৰ, গনেশ লিম্বু আৰু প্ৰশান্ত ফুকনক । মন্ত্ৰী কেশৱ মহন্তৰ লগত দিয়া হৈছে পৰমানন্দ ৰাজবংশী, মৃণাল শইকীয়া, উৎপল বৰা আৰু পোণাকন বৰুৱাক । মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ লগত দিয়া হৈছে তৰংগ গগৈ, বলীন চেতিয়া, দিগন্ত কলিতা আৰু মানৱ ডেকাক । মন্ত্ৰী অশোক সিংঘালৰ লগত দিয়া হৈছে সুমন হৰিপ্ৰিয়া, ৰমাকান্ত দেউৰী, ৰামকৃষ্ণ ঘোষ আৰু ল’ৰেঞ্চ ইছলাৰীক ।

মুখ্যমন্ত্ৰীৰ নতুন নিয়ম

আনহাতে, মন্ত্ৰী যোগেন মহনৰ লগত দিয়া হৈছে দ্বীপ্যায়ন চক্ৰৱৰ্তী, চক্ৰধৰ গগৈ, টেৰছ গোৱালা আৰু ভৱেন ভৰালীক । মন্ত্ৰী সঞ্জয় কিষাণৰ লগত দিয়া হৈছে ভূৱন পেগু, বিনোদ হাজৰিকা, সুৰেন ফুকন আৰু ৰূপছিং টেৰণক । মন্ত্ৰী অজন্তা নেওগৰ লগত দিয়া হৈছে বিজয় মালাকাৰ, কৌশিক ‌ৰায়, হেমাংগ ঠাকুৰীয়া আৰু জয়ন্তমল্ল বৰুৱাক । মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত দিয়া হৈছে কৃষ্ণেন্দু পাল, দৰছিং ৰংহাং, কৃষ্ণকমল তাঁতী আৰু শিবু মিশ্ৰক । মন্ত্ৰী বিমল বৰাৰ লগত দিয়া হৈছে ধৰ্মেশ্বৰ কোঁৱৰ, ড৹ অমিয় কুমাৰ ভূঞা, নৱ দলে আৰু ৰেণুপমা ৰাজখোৱাক ৷

মুখ্যমন্ত্ৰীৰ নতুন নিয়ম

লগতে পঢ়ক :ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details