অসম

assam

ETV Bharat / state

ৰাজ্যত আংশিক লক ডাউনে হ্ৰাস কৰিছে ক’ভিড-19 ত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা - assam govt

ৰাজ্যৰ ক’ভিড সংক্ৰমণক লৈ তৎপৰ স্বাস্থ্য বিভাগ ৷ নতুন কৈ গঠন হোৱা ৰাজ্য চৰকাৰ খনে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে কেতবোৰ নতুন নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছিল ৷ সমগ্ৰ ৰাজ্যখনত আংশিক লক ডাউনৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ যাৰফলত বিগত কিছু দিনৰ পৰা ৰাজ্যত হ্ৰাস পাইছে ক‘ভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷

cm himanta biswa sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : May 20, 2021, 2:09 PM IST

Updated : May 20, 2021, 4:02 PM IST

নিউজ ডেস্ক,20 মে’ : দেশত মহামাৰী ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যবাসীৰ বাবে আংশিক লক ডাউনে কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ শেহতীয়াকৈ ৰাজ্যত নতুনকৈ গঠন হোৱা চৰকাৰ খনে ক’ভিড-19 ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছিল ৷

সেই অনুসৰি ৰাজ্যত সৰ্ম্পূণ কঠোৰ হাতেৰে সমগ্ৰ ক’ভিড-19ৰ পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে আৰক্ষী, প্ৰশাসন, স্বাস্থ্য বিভাগৰ লোক সকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে ৷ সম্প্ৰতি সেই সমূহ ক’ভিডৰ নতুন নীতি নিয়ম ভালদৰে পালন কৰাৰ বাবে ৰাজ্যত বিগত কিছু দিনৰ পৰা ক’ভিড আক্ৰান্ত আৰু মৃতৰ সংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷

সম্প্ৰতি ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰতিগৰাকী বিধায়ককে নিজ নিজ সমষ্টিৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷

ইয়াৰ লেখীয়াকৈ স্বয়ং মুখ্যমন্ত্ৰী শৰ্মাই ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাস্পতালত উপস্থিত হোৱা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ হাস্পতালখনৰ সামগ্ৰিক দিশৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ হাস্পতালখনত পৰৱৰ্তী দুদিনৰ ভিতৰত পুনৰ 15 খন আইচিইউযুক্ত বিচনা স্থাপন কৰা হ’ব ৷ লগতে শুকুৰবাৰৰ দিনটোৰ ভিতৰতে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ 50 টা অক্সিজেন কনচেণ্ট্ৰেটৰ যোগান ধৰাৰ কথা ঘোষণা কৰে ৷

আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই টুইটযোগে উল্লেখ কৰা অনুসৰি, চিকিৎসা কৰ্তৃপক্ষক ৰেপিড এণ্টিজেন টেষ্ট আৰটিপিচিআৰ পৰীক্ষা কমেও 20 শতাংশলৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হয় । লগতে টীকাকৰণ অভিযান তীব্ৰতৰ কৰিবলৈ আৰু গুৱাহাটীৰ পৰা প্ৰয়োজনীয় ক’ভিড ভেকচিন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত ৰাজ্যত 6,143 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 89 গৰাকীৰ ৷ আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 913 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় ৷ আনহাতে ইতিমধ্যে ৰাজ্যত মুঠ 6.02 শতাংশ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে ৷

বুধবাৰৰ দিনটোলৈ ৰাজ্যত মুঠ 35,69,314 পালি ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যত 37,555 পালি কৰ’ণা ভেকচিন প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ছাডেন ভিজিট উপায়ুক্তৰ

Last Updated : May 20, 2021, 4:02 PM IST

ABOUT THE AUTHOR

...view details