গুৱাহাটী, ৩ ছেপ্টেম্বৰ: গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াত(National Games of India 2022) পদক লাভ কৰা অসমৰ খেলুৱৈসকলে শিক্ষাগত অৰ্হতাৰ ভিত্তিত লাভ কৰিব চৰকাৰী চাকৰি । এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
শনিবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন(Abhiruchi Sports Day) উপলক্ষ্যে জনতা ভৱনত আয়োজন কৰা ক্ৰীড়া পেঞ্চন দিৱস(Sports Pension Day) উদযাপন অনুষ্ঠনাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ক্ৰীড়াক কেৰিয়াৰ হিচাবে ল'ব পৰাৰ বাবেই চৰকাৰে এনে উদ্যোগ গ্ৰহণ কৰিছে বুলি তেওঁ কয় । এপ্ৰিল মাহত নতুন ক্ৰীড় নীতি আনিব পৰা যাব বুলি সদৰী কৰি তেওঁ কয় যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত খেলুৱৈসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব (Reservation for sports person in Assam)।
ভাষণ প্ৰসংগত তেওঁ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আন কেতবোৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে ৰাজ্য চৰকাৰে এন চি চিৰ ওপৰত বিশেষ গুৰুত্ব দিছে । তেওঁ সকলো শিক্ষাৰ্থীকে এন চি চিত যোগদান কৰাৰ বাবে আহ্বান জনায় । এন চি চিয়ে নিয়মানুৱৰ্তিতা, শৃংখলাবোধৰ শিক্ষা দিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ ক্ৰীড়াৰ আন্তঃগাঁথনি মজবুত কৰাৰ প্ৰসংগত তেওঁ কয় যে সৰুসজাইৰ সমান্তৰালভাৱে চন্দ্ৰপুৰত হ'ব ক্ৰীড়া কমপ্লেক্স (Chandrapur Sports complex)৷
আনহাতে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ভূমিত কৰা হ'ব আন এটা ক্ৰীড়া কমপ্লেক্স (Sport complex in Jorhat)। তিনিবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব । জিলা ষ্টেডিয়াম নথকা জিলাসমূহত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব জিলা ষ্টেডিয়াম । সেইদৰে বিধানসভাৰ প্ৰতিটো সমষ্টিত ১২ কোটি ব্যয় সাপেক্ষ্যে হ'ব ষ্টেডিয়াম । ইতিমধ্যে ৫২ খন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে আৰু ৭০ খনৰ কাম অক্টোবৰ মাহত আৰম্ভ হ'ব ।