গুৱাহাটী , ১ ছেপ্তেম্বৰ : দেশজুৰি আজিৰে পৰা আৰম্ভ হোৱা 'ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১'ৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত বুধবাৰে 'পোষণ মাহ'ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ গুৱাহাটীৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'ৰাষ্ট্ৰীয় পোষণ মাহ'ৰ বিভিন্ন কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷ ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটো 'মাতৃ বন্দনা সপ্তাহ' হিচাপে পালন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
এই 'মাতৃ বন্দনা সপ্তাহ' কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে 'প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা'ৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভধাৰণ কৰা মহিলাসকলৰ পঞ্জীয়ন কৰি তিনিটা কিস্তিত ৫০০০ টকাকৈ প্ৰদান কৰা ৷ তেওঁলোকে যাতে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ হাতত লোৱা হৈছে ৷