গুৱাহাটী, 23 আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে উলুবাৰীত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম (Integrated traffic management system in Guwahati) আৰু হেঙেৰাবাৰীত নতুনকৈ নিৰ্মাণ কৰা অমৃত উদ্যানৰ উদ্ধোধন কৰে । গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ তত্বাৱধানত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু অমৃত উদ্যান নিৰ্মাণ কৰা হৈছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে উলুবাৰীত চি চি টিভি কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট মুকলি কৰাৰ পাছত হেঙেৰাবাৰীলৈ গৈ অমৃত উদ্যানৰ উদ্ধোধন কৰে (Amrit Udyan at Hengrabari) । হেঙেৰাবাৰীৰ অমৃত উদ্যানত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, স্বাধীনতাৰ পাছত গুৱাহাটীত কেৱল নেহেৰু পাৰ্কখনহে আছিল । কিন্তু যোৱা এটা এবছৰত গুৱাহাটীত তিনিখন উদ্যান নিৰ্মাণ কৰা হ’ল । তেওঁ কয় যে, চৰকাৰী বিভাগৰ মাটি ক্ৰয় কৰি উদ্যান নিৰ্মাণ কৰা এইখনেই প্ৰথম । এই মাটিখিনি খাদী বোৰ্ডৰ আছিল ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আজিৰে পৰা ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ জৰিয়তে গুৱাহাটীত থকা 94 টা ট্ৰেফিক ছিগনেলৰ ভিতৰত 20 টা ট্ৰেফিক ছিগনেল স্বয়ংক্ৰিয় কৰা হয় । উলুবাৰীৰ যান-বাহন আৰক্ষীৰ দ্বাৰা কেদ্ৰীয়ভাৱে পৰিচালনা কৰা হ’ব । অহা ছমাহৰ ভিতৰত বাকী ট্ৰেফিক ছিগনেল স্বয়ংক্ৰিয় কৰা হ’ব’’।
তেওঁ কয়, ‘‘২০০৩ চনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰা সময়ত কাছাৰী ঘাটৰ ওচৰে-পাজৰে থকা নদীমুখ ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধন মোৰ এটি সপোন আছিল । পৰৱৰ্তী সময়ত আমি লাহে লাহে সেই উদ্দেশ্য হাতত লৈ বিভিন্ন কাম-কাজ কৰি আহি অন্তিম পদক্ষেপ হিচাবে আজি আনুষ্ঠানিকভাৱে পুৰণি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় ভৱনটো ভাঙি পেলোৱা প্ৰক্ৰিয়া আৰম্ভ কৰোঁ । এই অঞ্চলটোৰ লগতে ইয়াৰ আশে-পাশে থকা ব্ৰহ্মপুত্ৰৰ কাষৰীয়া স্থানসমূহৰ কাম-কাজসমূহ সম্পূৰ্ণ হ’লে জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰা হ’ব’’ ৷
উপায়ুক্ত কাৰ্যালয়টো অস্থায়ীভাৱে হেঙেৰাবাৰীলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অভিনন্দন জ্ঞাপন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সোনকালে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়টো ৰূপনগৰৰ স্থায়ী ঠিকনালৈ স্থানান্তৰিত হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে, হেঙেৰাবাৰীৰ পৰা বিজেপিৰ কাৰ্যালয়টো স্থানান্তৰিত হ’ব (Guwahati BJP office to shift) । অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক:প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ বিতৰ্কিত আঁচনি সমৰ্থন কৰাৰ ৰহস্য কি