অসম

assam

ETV Bharat / state

ধীৰেণপাৰাত মুকলি FRU - মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়

নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ধীৰেণপাৰা এফ আৰ ইউ আৰু পাণ্ডু এফ আৰ ইউক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংলগ্ন চিকিৎসালয় (CM Inaugurated Dhirenpara FRU as an annexe of GMCH) ৷

guwahati two fru annexe to gmch
ধীৰেণপাৰাত মুকলি FRU

By

Published : Jan 1, 2022, 10:29 PM IST

গুৱাহাটী, 1 নৱেম্বৰ :নৱবৰ্ষৰ প্ৰথম দিনটোতে শনিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই ধীৰেণপাৰা এফ আৰ ইউ আৰু পাণ্ডু এফ আৰ ইউক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংলগ্ন চিকিৎসালয় হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (CM Inaugurated Dhirenpara FRU as an annexe of GMCH) ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে গুৱাহাটীৰ পাণবজাৰত থকা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খনৰ ঠাইত এখন নতুন ৮০০ খন বিচনাযুক্ত মাল্টি স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণৰ পদক্ষেপ লৈছে ৷ ইয়াৰে পৰিপ্ৰেক্ষিতত ১ জানুৱাৰীৰৰ পৰা এই চিকিৎসালয়খনৰ সেৱা বন্ধ কৰা হৈছে ৷

সেয়েহে, ৰোগীসকলৰ সুবিধাৰ্থে ধীৰেণপাৰা এফ আৰু ইউ আৰু পাণ্ডু এফ আৰ ইউক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Gauhati Medical College and Hospital)ৰ সৈতে সংলগ্ন কৰা হৈছে ৷ ধীৰেণপাৰা এফ আৰ ইউত অস্ত্ৰোপচাৰ সেৱা, মেডিচিন বিশেষজ্ঞ, শৈল্য চিকিৎসা সেৱা, প্ৰসূতি আৰু মাতৃৰ স্বাস্থ্য সেৱা, নাক-কাণ-ডিঙি স্বাস্থ্য সেৱা, বিনামূলীয়া এক্সৰে’, আলট্ৰাচ’ন’গ্ৰাফী, পৰীক্ষাগাৰ সেৱা উপলব্ধ হোৱাকে ধৰি মুঠ বিচনাৰ সংখ্যা ১০০ খন থাকিব ৷

ধীৰেণপাৰাত মুকলি FRU

আনহাতে, পাণ্ডু এফ আৰ ইউত অস্ত্ৰোপচাৰ সেৱা, মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱাৰ লগতে অস্ত্ৰোপচাৰ সেৱা, বিনামূলীয়া এক্সৰে’, আলট্ৰাচ’ন’গ্ৰাফী, পৰীক্ষাগাৰৰ সেৱা, সাধাৰণ ৰোগীৰ বাবে স্বাস্থ্য সেৱা উপলব্ধ হোৱাৰ উপৰি হাস্পতালখনত ৩০ খন বিচনা থাকিব ৷ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে ৷

লগতে পঢ়ক :অসমত এতিয়া জনগোষ্ঠীয় উগ্ৰপন্থা শেষ হৈছে, পৰেশ বৰুৱাও শান্তিৰ পক্ষত: মুখ্যমন্ত্ৰী

ইফালে মুখ্যমন্ত্ৰীয়ে শনিবাৰে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত গুৱাহাটীৰ শৰণীয়া পাহাৰস্থিত কস্তুৰবা গান্ধী আশ্ৰম পৰিদৰ্শন কৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ স্মৃতি বিজৰিত আশ্ৰমখনত কিছু সময় অতিবাহিত কৰে ৷ লগতে তাত থকা সেৱিকাসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে আশ্ৰমখনৰ কাম-কাজ তথা অভাৱ-অভিযোগৰ বুজ লয় ৷ এই আশ্ৰমখনৰ সমস্যাৰাজি সমাধানৰ অৰ্থে সমাজ কল্যাণ বিভাগৰ জৰিয়তে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে ৷

তেওঁ লগতে কয় যে, আশ্ৰমখনৰ চহকী ঐতিহ্য সংৰক্ষণ কৰি ইয়াৰ উন্নয়নৰ অৰ্থে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ৷ মুখ্যমন্ত্ৰীয়ে ১০২ বছৰীয়া গান্ধীবাদী শকুন্তলা চৌধুৰীৰ পৰাও আশীষ লয় ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই শনিবাৰে মহানগৰীৰ বশিষ্ঠস্থিত শান্তি সাধনা আশ্ৰমখনো পৰিদৰ্শন কৰি বিশিষ্ট গান্ধীবাদী তথা আশ্ৰমখনৰ প্ৰতিষ্ঠাতা হেম ভাইক সৌজন্যমূলক সাক্ষাৎ কৰি মত-বিনিময় কৰে৷ এই পৰিদৰ্শন কালত তেওঁ আশ্ৰমখনৰ বিভিন্ন কাম-কাজৰ লগতে ভৱিষ্যৎ পৰিকল্পনা আদিৰো বুজ লয় ৷

আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ ব্লকত এটি গ্ৰন্থাগাৰ মুকলি কৰে ৷ দেশ-বিদেশৰ উৎকৃষ্ট ৰচনাৰাজিৰে সমৃদ্ধ এই গ্ৰন্থাগাৰটোৱে জ্ঞান অন্বেষণকাৰীসকলৰ বৌদ্ধিক আৰু মানসিক খোৰাক যোগাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক :কস্তুৰবা গান্ধী আশ্ৰমৰ আন্তঃগাঁঠনি উন্নত কৰিব ৰাজ্য চৰকাৰে : হিমন্ত

ABOUT THE AUTHOR

...view details