ভূটানৰ ৰজাক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ গুৱাহাটী, 3 নৱেম্বৰ :ভূটানৰ ৰজা হিচাপে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকক শুকুৰবাৰে সন্ধিয়া সাক্ষাৎ কৰে অসমৰ ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূটানৰ ৰজাই অসম আৰু ভূটান সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷
"তেওঁৰ ভ্ৰমণ অসমৰ বাবে এক ডাঙৰ সন্মান ৷ এই ভ্ৰমণ আমাৰ ৰাষ্ট্ৰসমূহৰ মাজৰ প্ৰাচীন সম্পৰ্কৰ এক সাক্ষ্য, যাৰ উদাহৰণ হৈছে শৈক্ষিক সংযোগ, আন্তঃগাঁথনিৰ অংশীদাৰিত্ব, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা, আধ্যাত্মিক ঐতিহ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক ৷ গুৱাহাটীত ভূটানৰ ৰজা মহামান্য জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সাক্ষাৎ কৰাৰ সৌভাগ্য হয় ৷ মহামান্য ৰজাৰ দৃষ্টিভংগীৰ পৰা আমি যথেষ্ট উপকৃত হৈছো ৷" ভূটানৰ ৰজাক সাক্ষাৎ কৰাৰ পিছত শৰ্মাই এক্স (টুইটাৰ) ত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
অসম আৰু ভূটান উভয় চৰকাৰৰ বিভিন্ন জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ৷ ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ প্ৰথমে তেওঁ শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰে ৷ দিনত তেওঁ খানাপাৰাৰ ষ্টাফ কলেজৰ বিশেষ অনুষ্ঠানত অংশ লয় ৷
উল্লেখ্য যে এক বিশেষ বিমানযোগে পুৱা 10.30 বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা ভূটানৰ ৰজাক বিমানবন্দৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰণোজ পেগু, ৰণজিৎ কুমাৰ দাসে উষ্ম আদৰণি জনায় ৷ 4 নৱেম্বৰত ভূটানৰ ৰজাই পৰিদৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও বহিব বৈঠকত ৷ ৰজাই শুকুৰবাৰে নিশা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তেওঁৰ সন্মানত ৰাজভৱনত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব আৰু শনিবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে যোৰহাটলৈ উৰা মাৰিব ৷
লগতে পঢ়ক :Puspa Devi Jalan Award: জুনু বৰাক পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান