গুৱাহাটী, ৫ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১০ মে' ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিচতে ৰাইজৰ ওপৰত ঋণৰ বোজা বৃদ্ধি হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনে যেনেদৰে ৰাইজক ঋণৰ বোজা জাপি দিছে, ঠিক সেইদৰে ৰাইজৰ ওপৰত পৰোক্ষ কৰাৰ বোজাও জাপি দিছে । মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আকৌ ৫ হাজাৰ কোটি টকাৰ ঋণ লৈছে । আকৌ এই মাহৰ শেষৰফালে ৫ হাজাৰ কোটি টকাৰ ঋণ ল'ব । এতিয়ালৈকে ৰাজ্য চৰকাৰে ১ লাখ ৪৯ হাজাৰ ২৫০ কোটি টকাৰ ঋণ লৈছে । এই ঋণৰ বাবদ বছৰি প্ৰায় ৯ হাজাৰ কোটি টকাৰ সুত দিব লাগিব ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বছৰটোৰ বাজেট দাখিলৰ সময়ত বিত্তমন্ত্রী অজন্তা নেওগে ৰাইজক কৰৰ বোজা দিয়া নাছিল । অতিৰিক্ত কৰ আদায়ৰ কোনো প্রস্তাব নাই বুলি ঘোষণা কৰিছিল । কিন্তু বাজেট প্রস্তাৱৰ পাচত সময়ে সময়ে বিভিন্ন জাননীৰে চৰকাৰে ৰাইজৰ পৰা অতিৰিক্ত টকা সংগ্ৰহ কৰি আহিছে । ২০২৩-২৪ বৰ্ষত ষ্টাম্প ডিউটী, পঞ্জীয়ন মাচুল আৰু মাটিৰ খাজনা মিলাই ১৫০৩ কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল । কিন্তু চৰকাৰে অতি কৌশলেৰে চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষত মাটিৰ খাজনা, ষ্টাম্প ডিউটী আৰু পঞ্জীয়ন মাচুল সংগ্রহ প্রায় ২৫০০ কোটি টকালৈ বৃদ্ধি কৰিব বিচাৰিছে ।
উল্লেখ্য যে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে অসমৰ পৌৰ নিকায়ৰ প্ৰাপ্য পুঁজি মোকলাই দিয়া নাই । কোটি কোটি টকা কৰ্তন কৰিছে । ফলত নিকায়সমূহৰ উন্নয়নমূলক কামত প্রভাব পৰিছে । কেন্দ্ৰৰপৰা পুঁজি নোপোৱাত পৌৰসভা এলেকাত বাস কৰা নাগৰিকৰপৰা অধিক সম্পত্তি কৰ ল'বলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে, ২০২৩-২৪ চনৰ বাজেট প্রস্তাৱ গ্ৰহণৰ সময়ত কৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি চমক সৃষ্টি কৰা হৈছিল । কিন্তু সেয়া যোৱা ১০ মে'ত ৰাজহ বিভাগে (নং ই ২৩১২৯৬/২০২৩) এক জাননীযোগে মাটিৰ চৰকাৰী দাম কেইবা শতাংশ বৃদ্ধি কৰা হৈছে ।