গুৱাহাটী, ৭ জুলাই :অসমৰ স্বাস্থ্যসেৱা খণ্ডৰ সবলীকৰণৰ দিশত আন এক বলিষ্ঠ পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)ই মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Guwahati Medical College and Hospital)ত নৱনির্মিত ২০০ খন আইচিইউযুক্ত বিচনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী (CM Himanta Biswa Sarma)য়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (National Health Mission)অসমৰ অধীনত ৮৯৬ গৰাকী ষ্টাফ নাৰ্ছ (Stuff Nurse)ক নিযুক্তিপত্র প্রদান কৰে । অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মা (CM Himanta Biswa Sarma)ই মঙলবাৰৰ দিনটোক এটা অতি গুৰুত্বপূর্ণ দিন হিচাপে অভিহিত কৰি কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্বাস্থ্য আন্তঃগাঁথনিত ২০০ খন অতিৰিক্ত আইচিইউ বিচনাৰ সংযোজনে দৰিদ্ৰ আৰু আৰ্তজনৰ সেৱাত এক নতুন মাত্রা প্রদান কৰিব ।
তেওঁ কয় যে ক’ভিড-১৯ (Covid 19) অতিমাৰীৰ প্ৰথমটো লহৰৰ পূর্বে গুৱাহাটীত মাথো ৬৭ খন আইচিইউযুক্ত বিচনাহে উপলব্ধ আছিল ৷ কিন্তু এবছৰৰ ভিতৰতে মহানগৰীখনৰ চৰকাৰী চিকিৎসা প্রতিষ্ঠানসমূহত আইচিইউ বিচনাৰ সংখ্যা বর্তমান সর্বমুঠ ৫৯১ খনলৈ বৃদ্ধি পাইছে । ৰাজ্যখনৰ ৮ খন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে অত্যাধুনিক এম' (ECMO) মেচিন স্থাপনৰ পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড° শর্মা (CM Himanta Biswa Sarma)ই স্বাস্থ্য বিভাগ (Health Department)ক নির্দেশ দিয়ে ।
ৰাজ্যৰ দুর্গম আৰু দূৰৱর্তী অঞ্চলৰ ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যজুৰি প্ৰতিখন হাস্পতাললৈকে দুগৰাকী চিকিৎসক আৰু ৪ গৰাকী নাৰ্ছ প্ৰেৰণ কৰিবলৈও তেওঁ বিভাগটোক নির্দেশ দিয়ে । তেওঁ লগতে কয় যে ক'ভিড (Covid 19)ৰ নামত ভিতৰুৱা অঞ্চলৰ দুখীয়া লোকসকলে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱা উচিত নহয় । সেয়েহে এনে এলেকাসমূহত তৎকালীনভাৱে চিকিৎসক আৰু নাৰ্ছ নিযুক্তিৰ পদক্ষেপ ল’বলৈ তেওঁ বিভাগটোক নির্দেশ দিয়ে ।
ক’ভিডোত্তৰ জটিলতাত ভোগা ৰাজ্যখনৰ ৰোগীসকলক প্রয়োজন সাপেক্ষে অক্সিজেন যোগান ধৰিব পৰাকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে অক্সিজেন কনচেণ্ট্ৰেটৰ বেংক স্থাপনৰ বাবে বে-চৰকাৰী সংস্থাৰ সৈতে সহযােগিতাৰে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্রীয় স্বাস্থ্য মিছন (National Health Mission) অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণনক নির্দেশ দিয়ে । এই ক্ষেত্ৰত ক’ভিড-১৯ ত বেয়াকৈ আক্রান্ত হোৱা জিলাসমূহক অগ্রাধিকাৰ প্রদানৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । শিশুসকলৰ নিয়মীয়া টীকাকৰণ কাৰ্যসূচী আগবঢ়াই নিয়াৰ লগতে ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত টীকাকৰণৰ পৰা বঞ্চিত হোৱা শিশু আৰু গৰ্ভৱতী মহিলাসকলক ‘মিছন ইন্দ্রধনুষ’ ৰ অধীনত টীকাকৰণৰ কাম আৰম্ভ কৰিবলৈও মুখ্যমন্ত্ৰী(CM Himanta Biswa Sarma) য়ে স্বাস্থ্য বিভাগক নির্দেশ দিয়ে ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮০ হাজাৰ লিটাৰ মেডিকেল অক্সিজেন টেংক কার্যক্ষম হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা মেডিকেল অক্সিজেনৰ মজুতকৰণত সহায়ক হোৱাৰ লগতে ৰোগীসকলৰ বাবেও বৃহৎ সকাহ হিচাপে বিবেচিত হ'ব । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কোম্পানীৰ সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে ২০০ খন আইচিইউযুক্ত বিচনাৰ ভৱন নিৰ্মাণত ৰাজ্য চৰকাৰলৈ সহযোগিতা আগবঢ়োৱা ভাৰতীয় ষ্টেট বেংক (State Bank of India)আৰু ছিডবি (SIDBI) ৰ মুখ্য মহা প্ৰৱন্ধকদ্বয় তথা ভাৰতীয় তেল নিগমৰ গুৱাহাটীস্থ কার্যবাহী সঞ্চালকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনিত এক উল্লেখযোগ্য সংযোজন হিচাপে মঙলবাৰে মুকলি কৰা ২০০ খন বিচনাযুক্ত অত্যাধুনিক সুবিধা সম্বলিত দুমহলীয়া আইচিইউ ভৱনত চাৰিখন ডায়েলাইচিছ বিচনা আৰু ৮০ হাজাৰ লিটাৰ তৰল চিকিৎসা অক্সিজেনৰ টেংকীৰ সুবিধা থাকিব ।
সৰ্বমুঠ ২০ কোটি টকা প্রকল্প ব্যয়ৰে ৰাজ্য চৰকাৰৰ লোক নির্মাণ বিভাগে নির্মাণ কৰি উলিওৱা এই আইচিইউ ভৱনৰ সা-সৰঞ্জাম ক্ৰয়ৰ দিশত ব্যয় হৈছে ১৩.৭১ কোটি টকা । অন্যান্য সা-সুবিধাৰ লগতে এই ভৱনত চিকিৎসকৰ লাউঞ্জ, ড’নিং আৰু ড’ফিং এলেকা, অগ্নি নির্বাপণ আৰু সুৰক্ষাৰ ব্যৱস্থা আদি উপলব্ধ হ'ব । এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্তই ভাষণ প্রদান কৰে । অনুষ্ঠানত সাংসদ কুইন ওজা, বিধায়ক তৰংগ গগৈ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, বিভাগটোৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বর্মন, লোক নির্মাণ (ভৱন) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্রৱর্তী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ লগতে বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক :নতুন SOP: 7 জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা