গুৱাহাটী, ৬ ডিচেম্বৰ :নিজৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যৰ আইন-শৃংখলাক লৈ সন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ড৹ শৰ্মাই কয়, ‘‘ আগুৱাই যাবলৈ বাকী আছে বহু দূৰ ।’’ বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদ মেলত NCRBৰ তথ্য বিশ্লেষণৰে হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালৰ বিগত বছৰটোত ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে ৷
ৰাজ্যত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা । অপৰাধৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত তালিকাৰ ৯ৰ পৰা ২০ লৈ নামিল অসম । মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম ১ৰ পৰা ৭ লৈ নামিল ৷ NCRBৰ প্ৰতিবেদনত প্ৰকাশিত এই তথ্য সংবাদমেলত সদৰী কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ NCRBয়ে যোৱা ৪ ডিচেম্বৰত ২০২২ৰ দেশৰ অপৰাধজড়িত তথ্য আগৰ বছৰবোৰৰ তুলনাত বিশ্লেষণ প্ৰকাশ কৰে । সেই অনুসৰি অসমে যথেষ্ট প্ৰগতি দেখুৱাইছে ৷
চলিত মাহৰ ৪ ডিচেম্বৰত NCRB যে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনত ৰাজ্যত সৰ্বমুঠ অপৰাধৰ ১,২১,৬০৯ টা গোচৰ ৰুজু কৰা হয় । ২০২১ চনত 1,33,239 টা গোচৰ ৰুজু হয়৷ ইয়াৰ বিপৰীতে ২০২২ চনত ৬৮,৯৩৭ ট গোচৰ ৰুজু হয় ৷
উল্লেখ্য, অসম চৰকাৰে যোগান ধৰা তথ্য অনুসৰি ২০২৩ চনত ৫৬,২০২ টা গোচৰ ৰুজু হয় ৷ অৰ্থাৎ NCRBৰ তথ্য অনুসৰি ২১ চনৰ তুলনাত ২২ চনত ৫০ শতাংশ গোচৰৰ সংখ্যা হ্ৰাস পায় অসমত৷ সেই অনুসৰি অসমত হ্ৰাস পাইছে গুৰুতৰ অপৰাধৰ সংখ্যা ৷ যাৰ বাবে অসম আৰক্ষীৰ ভূমিকাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷
অপহৰণৰ ঘটনা, মহিলাৰ বিৰুদ্ধে অপৰাধ, শিশুৰ বিৰুদ্ধে অপৰাধ, অৰ্থনৈতিক অপৰাধ এই সকলো ক্ষেত্ৰতে আগৰ বছৰটোতকৈ NCRBৰ প্ৰতিবেদনত অসমৰ তথ্যই যথেষ্ট উন্নতি কৰিছে ৷ অসমত অপহৰণ ঘটনা সন্দৰ্ভত ২০২১ চনত গোচৰ আছিল ৭৫৮০ টা ৷ কিন্তু ২০২২ত সেয়া কমি গৈ হয়গৈ আনহাতে মহিলাৰ বিৰুদ্ধে অপৰাধ ২০২১ত ২৯ হাজাৰ ৷ ২০২২ত ১৪ হাজাৰলৈ হ্ৰাস কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে ৷
আনহাতে শিশুৰ বিৰুদ্ধে হোৱা অপৰাধজনিত ঘটনাৰ ক্ষেত্ৰত ২০২১ চনত POSCO গোচৰ ৫২৮২ টা গোচৰ ৰুজু হৈছিল অসমত ৷ বিপৰীতে ২০২২ চনত ৪০৮৪ টা গোচৰ POSCOৰ অধীনত ৰুজু হয় ৰাজ্যত ৷ অৰ্থনৈতিক অপৰাধ ২০২১ চনৰ ১১ হাজাৰ টা গোচৰৰ বিপৰীতে ২০২২ চনত ৫০ শতাংশ গোচৰ হ্ৰাস কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷