গুৱাহাটী, 20 আগষ্ট: মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত পাঠদান বিষয়ক লৈ মন্তব্য দিবলৈ গৈ শনিবাৰে সংবাদমাধ্যমৰ আগত আছু আৰু অসম সাহিত্য সভাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত পাঠদান বিষয়ত চলি থকা প্ৰতিবাদ সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত সংবাদিকসকলে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আছুৰ মতে চৰকাৰ নচলে (CM Himanta Biswa Sarma)।
আছুৰ মতে চৰকাৰ চলিব লাগিলে মুখ্যমন্ত্ৰী শ্বহীদ ন্যাসত গৈ বহি থকা ভাল হ’ব বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷ তেও কয় যে চৰকাৰ বিধানসভাৰ মতেহে চলে । উল্লেখ্য যে চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান(Science and Mathematics in English instead of Assamese) কৰাৰ বিৰুদ্ধে আছুকে ধৰি অসম সাহিত্য সভাই বিৰোধ কৰিছে । সংগঠনসমূহে মাতৃভাষা মাধ্যমত শিক্ষাৰ মান উন্নত কৰি গুণগত শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰিছে ।