গুৱাহাটী, 24 ফেব্ৰুৱাৰী: পৌৰ সভা নিৰ্বাচনত কংগ্ৰেছ দলক ফুটবলৰ গ'লপোষ্টৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰে (CM compares congress with goal post)। গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে পৌৰ সভা নিৰ্বাচনৰ বিজেপিৰ সংকল্প পত্ৰ (ইস্তাহাৰ) উন্মোচন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি কয় যে, কংগ্ৰেছ এতিয়া ৰাইজৰ মাজত নাই । মাত্ৰ কিছুমান ঠাইতহে কংগ্ৰেছ সীমাবদ্ধ হৈ আছে । গতিকে পৌৰ সভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছৰ প্ৰাৰ্থীক বিজেপিয়ে ভয় ভাবুকি দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে ।
উল্লেখ্য যে, ৰাজ্যৰ পৌৰ সভাৰ অন্তৰ্গত ৯০০ ৱাৰ্ডৰ ৬০ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । আকৌ উত্তৰ গুৱাহাটী আৰু চতিয়া পৌৰ সভা বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিয়ে দখল কৰিছে । এই সম্পৰ্কত যোৱা সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অভিযোগ কৰি কৈছিল যে, বিজেপিয়ে পৌৰ সভাৰ নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থীক ভয় ভাবুকি দি নিৰ্বাচনত জয় হোৱাৰ চেষ্টা চলায় আছে । বিজেপি দলে একাংশ কংগ্ৰেছৰ প্ৰাৰ্থীক হত্যাৰ ভয় ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাধ্য কৰিছে ।