অসম

assam

ETV Bharat / state

Cross Voting in president Election: দ্ৰৌপদী মূৰ্মুক কংগ্ৰেছৰ ১৫-১৬ জন বিধায়কে ভোট দিয়া বুলি ক’লে মুখ্যমন্ত্রীয়ে - আদিবাসী আৰু বাগানৰ ভোট থকা সমষ্টিত দ্ৰৌপদী মুৰ্মুক ভোট

দ্ৰৌপদী মূৰ্মুৱে অতিৰিক্তভাৱে ২২ টা ভোট লাভ কৰিছে । ইয়াৰ ভিতৰত ১৫-১৬ টা ভোট কংগ্ৰেছৰ পৰা পাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on cross voting)৷

Cross Voting in president Election
দ্ৰৌপদী মুৰ্মুক কংগ্ৰেছৰ ১৫-১৬ জন বিধায়কে ভোট দিয়া বুলি ক’লে মুখ্যমন্ত্রীয়ে

By

Published : Jul 22, 2022, 10:32 PM IST

গুৱাহাটী, ২২ জুলাই: ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দ্ৰৌপদী মূৰ্মুৱে অসমত বিৰোধীৰ ২২ টা ভোট লাভ কৰাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি নতুন দিল্লীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনত অসম বিধানসভাৰ ১২৬ জন বিধায়ক দুজনে ভোট দিয়া নাছিল ।

ৰাষ্ট্ৰপতি নিৰ্বাচনত ১২৪ টা ভোট পৰিছিল । ইয়াৰ ভিতৰত দ্ৰৌপদী মূৰ্মুৱে ১০৪ টা ভোট লাভ কৰাৰ বিপৰীতে যশোৱন্ত সিনহাই ২০ টা ভোট লাভ কৰে । ইয়াৰ দ্বাৰা এইটোকে সূচায় যে অসমৰ ৰাইজৰ দ্ৰৌপদী মূৰ্মুৰ প্ৰতি অকুণ্ঠ মৰম আছে । অসমৰ ৰাইজে তেখেতক নিজৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দ্ৰৌপদী মূৰ্মুৱে অতিৰিক্তভাৱে ২২ টা ভোট লাভ কৰিছে । ইয়াৰ ভিতৰত ১৫-১৬ টা ভোট কংগ্ৰেছৰ পৰা পাইছে বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়ত‍াৰে কয় (Himanta Biswa Sarma on cross voting)।

দ্ৰৌপদী মূৰ্মুক কংগ্ৰেছৰ ১৫-১৬ জন বিধায়কে ভোট দিয়া বুলি ক’লে মুখ্যমন্ত্রীয়ে

বিৰোধী বিধায়কসকলে ভোট দিয়াৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে আদিবাসী আৰু বাগানৰ ভোট থকা সমষ্টিত দ্ৰৌপদী মূৰ্মুক ভোট দিব লাগে বুলি তেওঁলোকৰ মানসিকতাত আছিল । বাকী দুই-চাৰিটা এ আই ইউ ডি এফৰ পৰা আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্দলীয় আৰু আন দলৰো বিধায়ক আছে বুলি কয় (Oppositions vote to NDA president candidate)।

আনহাতে ৰাষ্ট্ৰপতিৰ ভোট বিবেকৰ দ্বাৰা হয়, ইয়াত বিভাজনৰ কথা আছে বুলি মই নাভাবোঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে । ৰাষ্ট্ৰপতিৰ নিৰ্বাচন দল হিচাপে নহয়, বিবেকৰ দ্বাৰা ভোটিং হয় । বিবেকৰ দ্বাৰা পৰিচালিত হৈ কিছু বিধায়কে দ্ৰৌপদী মূৰ্মুক ভোট দিছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বিশেষ ৰাজনৈতিক অৰ্থ বিচাৰিব খোজা নাই । ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰসংগক লৈ বহু বেছি বিতৰ্ক কৰাটো উচিত নহয় বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক:Presidential polls: কোনো ক্ৰছ ভোটিং হোৱা নাই বুলি মন্তব্য বৈজয়ন্ত পাণ্ডাৰ

ABOUT THE AUTHOR

...view details