গুৱাহাটী, 28 জানুৱাৰী:যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত হাগামা মহিলাৰীক উগ্ৰপন্থী বুলি আখ্যা দিয়া হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে ৰাজ্যসভাৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবে হাগামা মহিলাৰীৰ বি পি এফ দলক আঁকোৱালি লৈছে (CM Himanta on alliance with BPF)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা দেওবাৰে বি জে পিৰ সৈতে বি পি এফৰ মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।
আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন(Rajya Sabha election 2022 )ত দুয়োখন আসনতে জয় হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি পি এফক লগত লৈছে যদিও শাসক দলে ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ী হোৱাতো নিশ্চিত কৰিব পৰা নাই । কাৰণ বৰ্তমানো ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় দলে জয় হ'বলৈ দুটা ভোট কম হৈ আছে । উল্লেখ্য যে অহা মাৰ্চত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । বৰ্তমান অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত এখন আসন (মাজুলী) খালী হৈ আছে । সেই হিচাপত ৰাজ্যসভাৰ নিৰ্বাচনত ১২৫ গৰাকী বিধায়কে ভোটদান কৰিব লাগিব । সংসদীয় অংক অনুসৰি ৰাজ্যসভাত এখন আসনত জয়ী হবলৈ হ'লে ন্যূনতম ৪২ টা ভোট লাভ কৰিব লাগিব । বিধানসভাত সম্প্ৰতি শাসক পক্ষৰ হাতত আছে ৮২ জন বিধায়ক । প্ৰথমে এই সংখ্যা ৭৯ আছিল যদিও বি পি এফৰ তিনি বিধায়কে চৰকাৰী পক্ষত যোগ দিয়াত সংখ্যা ৮২ লৈ বৃদ্ধি পালে । বিজেপিৰ ৬৩, অগপৰ ৯, ইউ পি পি এলৰ ৭ আৰু শেহতীয়াকৈ বি পি এফৰ ৩ বিধায়ক মিলি শাসকপক্ষৰ শক্তি ৮২ হৈছে । কিন্তু ৰাজ্য সভাৰ দুয়োখন আসনত জয়ী হ'বলৈ ৮৪ গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন ।
ইপিনে কংগ্ৰেছৰ দুই নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু শ্বেৰমান আলী আহমেদৰ ভূমিকাৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য ৰাখিছে । কিন্তু বিধায়ক শশীকান্ত দাস আৰু শ্বেৰমান আলী আহমেদে বৰ্তমানো ৰাজ্যসভাৰ নিৰ্বাচনত কি ভূমিকা ল'ব সেয়া ৰহস্যৰ আৱৰ্তত আছে ।