গুৱাহাটী, ২২ জুন: ৰাজনৈতিক সাহস নাই কাৰণেই গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হোৱা নাই ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কৃত্ৰিম বানৰ সমস্যা(Guwahati flood) কি কৰিলে সমাধান হ’ব সেইটো সকলোৱে জানে । কিন্তু সমাধান কৰাৰ সাহস নাই ।
নবীন নগৰৰ ১০ বিঘা মাটি অধিগ্ৰহণ কৰি এটা হ্ৰদ বনাব পাৰিলেই কৃত্ৰিম বানৰ সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই (Lake in Guwahati)। মাটিৰ মালিকসকলক উচিত মূল্য দি হ্ৰদ নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত ল’ব বুলিও জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ৰাইজৰ সহযোগ বিচাৰে । ইয়াৰ বাবে উচিত ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।