অসম

assam

Assam Fertilizer scam: সাৰ বিতৰণত মধ্যভোগীৰ বিলুপ্তিৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

By

Published : May 4, 2022, 10:16 PM IST

ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সু-শৃংখল কৰাৰ সন্দৰ্ভত উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্ৰীৰ । খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । প্ৰণালীবদ্ধ সাৰ বিতৰণৰ বাবে এক মানক সঞ্চালন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ নিৰ্দেশনা (Himanta Biswa Sarma on fertilizer distribution system) ।

Assam Fertilizer scam
সাৰ বিতৰণত মধ্যভোগীৰ বিলুপ্তিৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

গুৱাহাটী, ৪ মে':ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সুশৃংখল কৰি তোলাৰ বাবে বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্স বৈঠকত মিলিত হয় । এই বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰে । উল্লেখ্য যে, ৰাজ্যখনত ৰাজসাহায্যযুক্ত সাৰৰ ক'লা বজাৰ(Assam fertilizer scam) চলি থকাৰ লগতে সাৰৰ সমগ্ৰ বিতৰণ ব্যৱস্থাটোতে ব্যাপক বিসংগতিয়ে দেখা দিছে । যাক লৈ কৃষকসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে । এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৈঠকত মিলিত হয় (Himanta Biswa Sarma on fertilizer distribution system)।

বৈঠকত প্ৰণালীৱদ্ধ সাৰ বিতৰণৰ বাবে এক মানক সঞ্চালন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সুপৰিকল্পনাৰ দিশত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰে । লগতে মধ্যভোগীৰ বিলুপ্তিৰে খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি সাৰৰ কৃত্ৰিম নাটনি বন্ধ কৰাৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । কৃষক ৰাইজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সাৰ বিতৰণৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাসমূহৰ সমাধানৰ হেতুকে আজিৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে কেতবোৰ পৰামৰ্শ আৰু নিৰ্দেশনা দিয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সৰ্বাধিক লাভালাভ নিশ্চিত কৰাৰ বাবে হৰ্ডিং আৰু ডাইভাৰ্চন বন্ধ কৰাৰ কথা উল্লেখ কৰে । লগতে সাৰ বিতৰণত মধ্যভোগীৰ বিলুপ্তিৰে খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে দোহাৰে । জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়াসকলৰ দ্বাৰা ব্যাপক প্ৰামাণীকৰণ আৰু নিৰীক্ষণৰ লগতে ধান সংগ্ৰহৰ স্থিতি আৰু নিৰ্ধাৰিত লক্ষ্য সময়মতে পূৰণ কৰাত গুৰুত্ব দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা(Principal Secretary of Chief Minister) প্ৰমুখ্যে কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, চি আই ডিৰ জ্যেষ্ঠ বিষয়াসকল আৰু বি ভি এফ চি এল, আই পি এল, আই এফ চি অ' আৰু মেট্ৰিক্সকে ধৰি সাৰ উৎপাদক কোম্পানীৰ প্ৰতিনিধিসকলো উপস্থিতি আছিল ।

লগতে পঢ়ক:আগন্তুক কৃষি ঋতুত ভয়াৱহ খৰাং পৰিস্থিতিৰ আশংকা, মৌনব্ৰতত কৃষি বিভাগ

ABOUT THE AUTHOR

...view details