নিউজ ডেস্ক, 28 ডিচেম্বৰ : শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে, সমাজ সংস্কাৰৰ উদ্দেশ্যৰে প্ৰতিদিনে পুৱাৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ভিডিঅ’যোগে আগবঢ়াই আহিছে গীতাৰ বাণী ৷ এইখিনিলৈকে ঠিকেই আছিল ৷ কিন্তু কেনাটো লাগিল মঙলবাৰে অৰ্থাৎ 26 ডিচেম্বৰত ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে পুৱা সামাজিক মাধ্যমত আগবঢ়োৱা ব্যাখ্যাই তোলপাৰ লগালে চৌদিশ ৷ এই ব্যাখ্যাক লৈ ৰাজ্যজুৰি সৃষ্টি হ’ল ব্যাপক প্ৰতিক্ৰিয়াৰ ৷
প্ৰথমে ভুল ব্যাখ্যাৰে সামাজিক মাধ্যমত গীতাৰ বাণী বিলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু পিছত অনুবাদত ভুল হোৱা বুলি, পোষ্ট ডিলিট কৰি বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে ক্ষমা বিচাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত আগবঢ়োৱা বাণীটোত কোৱা হৈছে, “কৃষিকর্ম, গো-পালন, বাণিজ্য- এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কর্ম ৷ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই তিনি বর্ণক শুশ্ৰূষা কৰাটো হৈছে শূদ্ৰৰ স্বাভাৱিক কর্ম ৷” মুখ্যমন্ত্ৰীৰ এই পোষ্টটোক লৈ চৌদিশে সৃষ্টি হ’ল তীব্ৰ প্ৰতিক্ৰিয়া ৷ বৰ্ণবাদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধী দল সমূহে মুখ্যমন্ত্ৰীগৰাকীৰ এই পোষ্টক লৈ তীব্ৰ সমালোচনা কৰে ৷