অসম

assam

ৰাজ্যত গঢ়ি তোলা হ’ব ৪ হাজাৰখন অত্যাধুনিক বিদ্যালয়

By

Published : Sep 5, 2022, 5:16 PM IST

ৰাজ্যত গঢ়ি তোলা হ’ব 4 হাজাৰখন অত্যাধুনিক বিদ্যালয় ৷ শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে (Himanta Biswa Sarma at teachers day)৷

Himanta Biswa Sarma at teachers day
ৰাজ্যত গঢ়ি তোলা হ’ব ৪ হাজাৰখন অত্যাধুনিক বিদ্যালয়

গুৱাহাটী, 5 ছেপ্টেম্বৰ: ৰাজ্যত থকা ৪ হাজাৰখন বিদ্যালয়ক অত্যাধুনিক বিদ্যালয় হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৬১ সংখ্যক শিক্ষক দিৱস(Techers day 2022) উপলক্ষে সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ।

মুখ্যমন্ত্ৰীয়ে শিক্ষক দিৱসৰ দিনা এই কথা ঘোষণা কৰি কয় যে এই ৪ হাজাৰখন বিদ্যালয়ক অত্যাধুনিক বিদ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ১০ কোটি টকাৰ অনুমোদন দিছে (Modern school in Assam) ৷ এই টকাৰে স্মাৰ্ট ক্লাছ থকা, সকলো শিক্ষণ সুবিধা থকা, বিদ্যালয়ৰ চাৰিবেৰ থকা আৰু ছাত্ৰীৰ বাবে পৰ্যাপ্ত শৌচাগাৰ থকা ৪ হাজাৰখন অত্যাধুনিক বিদ্যালয় হিচাপে গঢ়ি তোলা হ’ব । মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে শিক্ষকসকলে সমাজক আলোকিত কৰে ।

শিক্ষকে মানৱ সম্পদ নিৰ্মাণ কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষকসকলক আদৰ্শবান হ’ব লাগিব । ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ(Sarvepalli Radhakrishnan) অৱদানৰ বিষয়ে আলোচনা কৰি কয় যে ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ দৰ্শন আৰু বাণীসমূহ প্ৰেৰণামূলক । মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাচীন ভাৰতৰ বৰ্ণময় শিক্ষা ব্যৱস্থাৰ আলোচনা কৰি কয় যে শিক্ষকৰ দায়িত্ব অপৰিসী । শিক্ষকসকলক তেওঁ জ্ঞান আৰু প্ৰজ্ঞাৰ অম্বেষণৰ বাবে আহ্বান জনায় ।

ৰাজ্যত গঢ়ি তোলা হ’ব ৪ হাজাৰখন অত্যাধুনিক বিদ্যালয়

মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰ শিক্ষা বিভাগে সফলতাৰে গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ সমৰ্থ হৈছে । অসমত প্ৰতিবছৰে গুণোৎসৱ (Gunotsav in Assam) অনুষ্ঠিত হৈ থাকিব বুলি তেওঁ সদৰি কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এসময়ত ৰাজ্যত যধেমধে গঢ়ি তোলা ভেঞ্চাৰ স্কুলবোৰে শিক্ষাৰ গুণগত মান নিম্ন কৰি গৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত যোৱা ১০ বছৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন হৈছে । যোৱা ১০ বছৰত নতুনকৈ ১২০০০ খন চৰকাৰী বিদ্যালয় গঢ়ি তোলা হৈছে ।

১২ লাখ নতুন শিক্ষক নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এয়া দেশৰ ভিতৰতে বিৰল৷ সভাত কেইবাগৰাকীও কৃতী শিক্ষকক মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰে সম্বৰ্ধনা জনায় (Felicitation to teacher by Himanta Biswa Sarma) । সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, শিক্ষা বিভাগৰ মাননীয় উপদেষ্টা ড৹ ননীগোপাল মহন্ত আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন

ABOUT THE AUTHOR

...view details