অসম

assam

মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ

By

Published : Jun 17, 2022, 8:41 PM IST

Updated : Jun 17, 2022, 9:28 PM IST

গুৱাহাটীৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো কেৱল চৰকাৰৰ পক্ষে সম্ভৱ নহয় । ৰাইজৰ লগতে সংবাদ মাধ্যমৰো সহযোগিতা লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ
মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 17 জুন: গুৱাহাটী মহানগৰীত এইবাৰ যিমান পানী হৈছে সেয়া নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ ব্যৱস্থাৰ বাহিৰত । গুৱাহাটীৰ ৰেডিশ্বন ব্লু’ত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই এই কথা সদৰি কৰে (CM Himanta Biswa Sarma on flood situation)।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ ডিমা হাছাওৰ দৰেই গুৱাহাটীতো পৰিস্থিতিৰ উদ্ভৱ হৈছে (Flood in Assam)। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো কেৱল চৰকাৰৰ পক্ষে সম্ভৱ নহয় । এই কথা মহানগৰবাসীয়ে বুজি পাইছে । মহানগৰবাসীয়ে চৰকাৰক এইবাৰ দোষ দিয়া নাই ।

মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ

লগতে তেওঁ কয় যে চৰকাৰ গুৱহাটীৰ বান ৰোধ কৰাৰ বাবে কঠোৰ হ’ব লাগে । কিন্তু সংবাদ মাধ্যম আৰু ৰাইজৰ সহায় নোহোৱাৰ বাবেই চৰকাৰ কঠোৰ হ’ব পৰা নাই ৷ গুৱাহাটীৰ পাহাৰৰ দাঁতিত বহুতে বিপদজনকভাৱে গৃহ নিৰ্মাণ কৰিছে । সেইসমূহ আঁতৰ কৰাৰ বাবে সংবাদ মাধ্যম আৰু ৰাইজৰ সহায় লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

তেও কয় যে বাক্সা, দৰং, কামৰূপ মহানগৰ, গোৱালপাৰা, বজালী, কামৰূপ আদি জিলাত বান পৰিস্থিতি জটিল হৈছে । বৰষুণৰ পৰিমাণ যথেষ্ট হৈৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে (Water level of Brahmaputra river)। কিছু কিছে ঠাইত মথাউৰি ছিগিছে । যাৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে ।

মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী ৰঞ্জিত দাসে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ বুজ লৈ থকা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাজ্যৰ দুই তিনিখন জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ যাব বুলি জানিবলৈ দিয়ে ৷

বানপীড়িত সকলো জিলাতে পৰ্যাপ্ত আশ্ৰয় শিৱিৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰ তথ্য অনুসৰি অহা দুদিনত ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে তেও কয় যে, এই দুদিন ৰাইজে ধৈয্য ধৰিলে পৰৱৰ্তী সময়ত পৰিস্থিতি ঠিক হ’ব ।

লগতে পঢ়ক:গুৱাহাটী-শিলচৰৰ মাজত জৰুৰীকালীন বিমান সেৱাৰ ব্যৱস্থা

Last Updated : Jun 17, 2022, 9:28 PM IST

ABOUT THE AUTHOR

...view details