গুৱাহাটী, 14 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মহানগৰীৰ হাউছফেডস্থিত পেঞ্চন সঞ্চালকালয় পৰিদর্শন কৰি পেঞ্চনৰ বিষয়সমূহৰ বিলম্বতা আৰু মীমাংসাৰ দিশসমূহ পর্যালোচনা কৰে ৷ পৰিদর্শনৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ দিনাখনেই সঞ্চালকালয়ৰ অধীনস্থ পেঞ্চনাৰসকলে যাতে পেঞ্চন লাভ কৰে তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
তাৰ বাবে 'কৃতজ্ঞতা' শীর্ষক পৰ্টেল আৰু এমট্ৰনৰ পেঞ্চন পৰ্টেল যুক্ত কৰি 2022 চনৰ জানুৱাৰীৰ ভিতৰত কোষাগাৰ বিষয়াসকলৰ কার্যালয়ৰ সৈতে ইয়াৰ সংযোগ স্থাপনৰ পদক্ষেপ লোৱাৰ বাবে এমট্ৰনক নিৰ্দেশ দিয়ে ৷ এই পদক্ষেপে পেঞ্চন প্ৰদান পদ্ধতিটোক কাগজবিহীন আৰু ক্ষীপ্ৰ কৰি তুলিব ৷ অৱসৰ গ্ৰহণ কৰাৰ দিনাখনেই এগৰাকী কর্মচাৰীক যাতে পেঞ্চন প্ৰদান কৰিব পৰা যায় তাৰ বাবে এক পদ্ধতি উপলব্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে এমট্ৰনক প্ৰত্যেক কার্যালয়ৰ ডি ডি অ' সকললৈ একোটিকৈ স্কেনাৰ যোগান ধৰাৰ বাবে নিৰ্দেশ দিয়ে ৷ যাৰ জৰিয়তে এগৰাকী অপাৰেটৰে পেঞ্চনাৰ গৰাকীৰ সকলো নথি আপলোড কৰিব ৷ পেঞ্চন সঞ্চালকালয়ে এই নথিসমূহ ডাউনলোড কৰিব আৰু ডিজিটেল স্বাক্ষৰৰ পিছত সেয়া নিষ্পত্তি কৰিব ৷