গুৱাহাটী, 30 নৱেম্বৰ :মঙলবাৰে উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta biswa Sharma) ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যৰ উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ মুঠ ৭২৩ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক বিতৰণ কৰে নিযুক্তিপত্ৰ ।
ইয়াৰে ভিতৰত উচ্চ শিক্ষাৰ অধীনৰ মহাবিদ্যালয়ৰ ১৩০ গৰাকী সহকাৰী অধ্যাপক, ১৬ গৰাকী তৃতীয় শ্ৰেণী পদত আৰু ১৭ গৰাকীক অনুকম্মামূলক নিযুক্তি দিয়া শিক্ষকক নিযুক্তিপত্ৰ বিতৰণ কৰা হয় । লগতে মাধ্যমিক শিক্ষাৰ অধীনত ৮৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণযোগে ৫৬০ গৰাকী শিক্ষককো বিতৰণ কৰা হয় নিযুক্তি পত্ৰ ।
এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, আগন্তুক বছৰৰ ভিতৰত ৰাজ্যৰ যিবোৰ মহাবিদ্যালয়ে নাকৰ পৰিদৰ্শনৰ (NAAC Assessment) ব্যৱস্থা নকৰে, সেই মহাবিদ্যালয়ৰ শিক্ষকসকলৰ মাহিলী দৰমহাৰ পৰা কৰ্তন কৰা হ'ব ৫০ শতাংশ । পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনৰ প্ৰাদেশিকীকৰণো বাতিল কৰা হ'ব । এই ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ আপোচ নকৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আগন্তুক বছৰৰ পৰা আকৌ ৰাজ্যত গুণোৎসৱ আৰম্ভকৰা হ'ব । যিসকল বিদ্যালয়ৰ শিক্ষকে ভাল দৰে কাম নকৰে, সেইসকলৰ বিৰুদ্ধে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব । এই ক্ষেত্ৰত শিক্ষকসকল আৰু অধিক দায়বদ্ধ হোৱাটো প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে ৷
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ৰাজ্য চৰকাৰে প্ৰতিবছৰে শিক্ষা বিভাগত খালী হৈ থকা পদবোৰ পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব । আগন্তুক বৰ্ষত ৭০০ খন উচ্চতম মাধ্যমিক বিদ্যালয় আৰম্ভ কৰা হ'ব । লগতে আগন্তুত ১০ মে' মাহৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ত ২২,০০০ গৰাকী শিক্ষকক নিযুক্ত দিয়া হ'ব ।