অসম

assam

ETV Bharat / state

All Assam Karmachari Parishad: ৰাজ্যৰ উন্নয়নমুখী যাত্ৰাত কৰ্মচাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ; মুখ্যমন্ত্ৰী

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বার্ষিক সাধাৰণ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ২৫ আগষ্টৰ পৰা আৰু ২৭ আগষ্টলৈ তিনিদিনীয়াকৈ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে এই সাধাৰণ সভা ।

All Assam Karmachari Parishad
All Assam Karmachari Parishad

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 10:38 PM IST

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বার্ষিক সাধাৰণ সভা

গুৱাহাটী ২৬ আগষ্ট:সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বার্ষিক সাধাৰণ সভা । পৰিষদৰ উদ্যোগত তিনিদিনীয়াকৈ অৰ্থাৎ ২৫, ২৬ আৰু ২৭ আগষ্টলৈ অনুষ্ঠিত কৰা হৈছে এই সাধাৰণ সভা ।

পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ অনুষ্ঠিত হোৱা এই সভাত প্ৰথম দিনৰ মুকলি আলোচনা কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুকলি আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনীয় সংস্কাৰ, সাধাৰণ জনতা আৰু কৰ্মচাৰীৰ বিষয়ত ভাষণ ৰাখে ।

অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান আন্দোলন বৰ্জিত পৰিৱেশৰ মাজত কৰ্মচাৰীসকলে সামাজিক, অৰ্থনৈতিক দিশত অগ্ৰগতি লাভ কৰিছে । চৰকাৰী কৰ্মচাৰীৰ DA উত্তৰ-পূৱৰ আন আন ৰাজ্যতো বাদেই, পশ্চিম বংগইয়ো ক’ভিডৰ সময়ৰ পৰা আজিলৈকে দিব পৰা নাই ৷ কিন্তু অসমে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পাছতেই DA দি আহিছে ।

তেওঁ লগতে কয়, ‘‘অসমত চাকৰি কৰি থকা সময়ত কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালে যি সম্পূৰ্ণ দৰমহা পাই আছে সেয়া অসমৰ বাহিৰে আন কোনো ৰাজ্যতে হোৱা নাই । আন আন ৰাজ্যই এই আঁচনি দেখি স্তম্ভিত হৈ পৰিছে । বৰ্তমান অসমত কোনো চৰকাৰী চাকৰি এটকাও নিদিয়াকৈ পাইছে। আগতে চাকৰিৰ বাবে মন্ত্ৰী-বিধায়কৰ ওচৰলৈ যাব লগা হৈছিল ।’’

‘‘আজি অসমৰ কৰ্মচাৰীয়ে ক’ব পাৰে যে মই মেধাৰ বাবেই এই চাকৰি পাবলৈ সক্ষম হৈছোঁ । সেই কাৰণে মোক মোৰ বিধায়কে গালি পাৰি আছে, কাৰণ বৰ্তমান মন্ত্ৰী-বিধায়ক বুলি চাকৰি দিব পৰা নাই,’’ তেওঁ কয় ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মচাৰী পৰিষদক উদ্দেশ্যে কয় যে যদি কৰ্মচাৰী পৰিষদৰ সদস্য সকলো কৰ্মচাৰী হয় তেন্তে কাম কৰাৰ নামত তেওঁলোকৰ বাবে কিয় টকা বিচাৰে । কৰ্মচাৰী এগৰাকীৰ মাটিৰ সীমাৰ কামত গ’লে একে কৰ্মচাৰী পৰিষদৰ হোৱাৰ পাছতো কিয় সকলো কামৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহিব লাগে ? এই পৰিৱেশ সলনি কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও সাংসদ পল্লৱলোচন দাস, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য কান্ত হাজৰিকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Indrani Tahbildar case: প্ৰাক্তন বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক গ্ৰেপ্তাৰ; নাম সাঙোৰ খাইছে শান্তনু পূজাৰীৰ

ABOUT THE AUTHOR

...view details