অসম

assam

ETV Bharat / state

Assam Cabinet decision: ১৫ দিনৰ বাবে গাঁৱত থাকিব অসম চৰকাৰ; ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত - CM Himanta

কেবিনেট বৈঠকৰ পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল । ছেপ্টেম্বৰ মাহত ১৫ দিনৰ বাবে অসম চৰকাৰ গ‍াঁৱত থাকিব । মুখ্যমন্ত্ৰীয়ে নিজে নিশা থাকিব গাঁৱত । ৭৫ কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণৰ বাবে এছিয়ান ডেভলপমেণ্ট বেংকৰ পৰা ল'ব ২০৯৭ কোটি টকাৰ ঋণ । ৰাজ্যৰ ৫০ লাখ গ্ৰাহকক তিনিটাকৈ এল ই ডি লাইট । এক লিটাৰৰ তলৰ পানীৰ বটল ২ অক্টোবৰৰ পৰা বিক্ৰী কৰিব নোৱাৰিব । বি টি আৰৰ বাবে ৪০০ কোটি টকা অনুমোদন ।

Assam Cabinet decision
Assam Cabinet decision

By

Published : Jul 21, 2023, 10:47 PM IST

ৰাজ্যিক কেবিনেটৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,২১ জুলাই: ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ এশ শতাংশ সফল ৰূপায়ণৰ বাবে গাঁৱলৈ যাব অসম চৰকাৰ । গাঁৱত থাকি ৰাইজৰ পৰা প্ৰকৃত তথ্য সংগ্ৰহ কৰিব অসম চৰকাৰে । এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ।

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সিদ্ধান্তসমূহৰ ভিতৰত চৰকাৰখন গাঁৱলৈ যোৱাৰ এক উল্লেখযোগ্য আৰু অভিনৱ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ পাচতে মুখ্যমন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাই নিজেই এখন সংবাদমেল সম্বোধন কৰি এই বিশেষ সিদ্ধান্তৰ কথা সদৰী কৰে ।

সাধাৰণতে কেবিনেট বৈঠকৰ পাচতে মন্ত্ৰীসকলে কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে যদিও আজি মুখ্যমন্ত্ৰীয়ে নিজে সংবাদমেল সম্বোধন কৰে । তেওঁ কয় যে ২০১৪ চনৰ পিচৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনিৰ এশ শতাংশ ৰূপায়ণ বাবে প্ৰচেষ্টা কৰি আহিছে । অসম চৰকাৰেও প্ৰত্যেকজন মানুহক উপকৃত কৰিব পৰাকৈ ১৫খনকৈ আঁচনি ৰূপ‍ায়ণ কৰি আহিছে । প্ৰতিগৰাকী বিধবা আৰু প্ৰত্যেকজন দিব্যাংগই অৰুণোদয় আঁচনি লাভ কৰ‍টো নিশ্চিত হ'ব লাগে ।

সেইদৰে বছৰি ৪ লাখ টকাৰ কম উপাৰ্জন কৰা সকলোৱে ৰেচন কাৰ্ড পাব লাগে । এনেদৰে প্ৰতিখন আঁচনিয়ে শেষৰ জন ব্যক্তিক যাতে স্পৰ্শ কৰিব পাৰে তথা কোনো লোক যাতে বঞ্চিত নহয় তাৰ নিৰূপনৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । এনে উদ্ভাৱনী দেশৰ ভিতৰতে প্ৰথম হ'ব বুলি সদৰী কৰি তেওঁ কয় যে ছেপ্টেম্বৰ মাহত ১৫ দিনৰ বাবে অসম চৰকাৰ গ‍াঁৱত থাকিব । কোনো এজন লোকো যাতে আঁচনিৰ পৰা বঞ্চিত নহয় তথা কাৰো কোনো ওজৰ আপত্তি নাথাকে তাৰ বাবে অসম চৰকাৰ ১৫ দিনৰ বাবে গাঁৱত থাকিব ।

অসম চৰকাৰে ১৫ দিন-ৰাতি ১৫খন গাঁৱত কটাব । তেওঁ কয় যে তেওঁ নিজেও ১৫ দিন গাঁৱত থাকিব আৰু নিশাও গাঁৱতে কটাব । আনহাতে মন্ত্ৰীসকলেও ১৫ দিন-ৰ‍াতি গাঁৱতে কটাব । গাঁৱত থাকি ৰাইজৰ পৰা আঁচনিসমূহৰ সুবিধা লাভ কৰিছে নে নাই সেই সন্দৰ্ভত তালিকা প্ৰস্তুত কৰিব । এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীআৰু মন্ত্ৰীৰ উপৰি সাংসদ, বিধায়ক আৰু নিৰ্বাচিত পাঁচ হাজাৰ চৰকাৰী বিষয়া জড়িত হ'ব । সকলোৱে নিশা গাঁৱৰ ৰাইজে কৰি দিয়া ব্যৱস্থাতে থাকিব লাগিব ।

ইয়াত বিৰোধী সাংসদ আৰু বিধায়কসকলেও অংশ ল’ব পাৰিব বুলি তেওঁ কয় । গাঁৱৰ ৰাস্তা-ঘাট, বিদ্যালয় আদিকে ধৰি সকলো ব্যৱস্থাৰ বুজ লোৱা হ'ব । প্ৰতিখন গাঁৱৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে মন্ত্ৰীসকলৰ বাবে ১৫ দিনীয়া এই কাৰ্যসূচীত সাংসদ আৰু বিধায়কসকলৰ বাবে সাত দিন আৰু চৰকাৰী বিষয়াসকলৰ বাবে তিনিদিন ৰখা হৈছে । দেশৰ ভিতৰতে এই চিন্তা নতুন হ'ব বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা চৰকাৰৰ আঁচনিসমূহৰ এশ শতাংশ সফল ৰূপায়ণ কৰিব পৰা যাব ।

কেবিনেটত লোৱা আন সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে জলসম্পদ বিভাগে ৭৫ কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণৰ বাবে এছিয়ান ডেভলপমেণ্ট বেংকৰ পৰা ২০৯৭ কোটি টকাৰ ঋণ ল'ব । আজিৰ কেবিনেটে ইয়াৰ অনুমোদন জনায় । আনহাতে বিভাগীয় দুৰ্নীতিৰ গোচৰসমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত চৰকাৰী বিষয়াক সকাহ দিবলৈ অসম চৰকাৰৰ নিকা ভাৱমূৰ্তিৰ অৱসৰপ্ৰাপ্ত কিছু বিষয়াক ৰাজ্যিক তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়া হ'ব । প্ৰতিটো গোচৰৰ বাবদ তেওঁলোকক এক লাখকৈ টকা দিব চৰকাৰে । দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিব তেওঁলোকে ।

আজিৰ কেবিনেটত অধিক দামত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হোৱা বাবে এ পি ডি চি এলক ২৬৫ কোটি টকা ৰাজসাহায্য দিয়াৰ অনুমোদন জনোৱা হয় । চৰকাৰে এই ৰাজসাহায্য নিদিলে উপভোক্তাই ৫০ পইচাৰ বোজা বহন কৰিবলগীয়া হ'লহেঁতেন । সেইদৰে কেবিনেটত মাহত ১০০ ইউনিটৰ কম বিদ্যুৎ ব্যৱহাৰ কৰা ৰাজ্যৰ ৫০ লাখ গ্ৰাহকক তিনিটাকৈ এল এ ডি লাইট যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আনহাতে গুৱাহাটী পানী যোগান আঁচনিৰ দায়িত্বৰ পৰা গেমনক বিদায় দিয়াৰ পাচত এল এন টিক দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে । সেইদৰে এই আঁচনি জি এম ডি এৰ পৰিৱৰ্তে জল বোৰ্ডৰ অধীনত কৰা হ'ব । আনহাতে গুৱাহাটীৰ নলা-নৰ্দমা চাফা ৰখাৰ লগতে প্ৰদূষণ ৰোধৰ বাবে এবাৰ ব্যৱহাৰ হোৱা এক লিটাৰৰ তলৰ পানীৰ বটল ২ অক্টোবৰৰ পৰা বিক্ৰী কৰিব নোৱাৰিব ।

আজিৰ কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে অহা বছৰ ২ অক্টোবৰৰ পৰা দুই লিটাৰৰ তলৰ পানী বটল বিক্ৰী নিষিদ্ধ হ'ব । সেইদৰে বসুন্ধৰা আঁচনিৰ সফল ৰূপায়ণৰ বাবে মাটিৰ বিভিন্ন প্ৰকাৰৰ নাম আধুনিক কৰা হ'ব । যাতে মণ্ডলে ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰে ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বি টি আৰৰ বাবে ৪০০ কোটি টকা আৰু অমৃত সৰোবৰ আঁচনিৰ বাবে ২৫০ কোটি টকাৰ অনুমোদন জনোৱা হয় । সেইদৰে কেবিনেটে তিনিচুকীয়াত বদৌচা কলাক্ষেত্ৰৰ বাবে ৪৫ বিঘা ভূমিৰ আৱণ্টন দিয়ে । সংবাদমেলত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক:Constituency Delimitation: সন্দেহযুক্ত বাংলাদেশীয়ে শিৱসাগৰত আহোমৰ আসন কমিছে বুলি প্ৰতিবাদ কৰিছে; জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details