গুৱাহাটী, 7মে‘ : নিৰ্বাচনী ফলাফলৰ পিছত প্ৰথমবাৰলৈ গুৱাহাটীৰ খাৰঘুলিৰ পাহাৰস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ পৰা ওলাই আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ওলাই আহিয়েই প্ৰথমেই তেওঁ সৰুসজাইস্থিত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে । ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি সোণোৱালে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, "মুখ্যমন্ত্ৰীটো ডাঙৰ কথা নহয়, ক'ভিড সংক্ৰমণৰ পৰা জনতাক ৰক্ষা কৰাটোহে আটাইতকৈ ডাঙৰ কথা । সকলোৱে দায়ৱদ্ধতাৰে আমাৰ কামখিনি কৰি যাব লাগিব । বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ ভৈয়াম সকলোৱে দৃঢ়তাৰে যুঁজ দিব লাগিব । কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি সফল হ’বই লাগিব আৰু অসমৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিবই লাগিব ।"
সাংবাদিকে পুনৰ চৰকাৰ কেতিয়া গঠন হ’ব বুলি সোধাত সোণোৱালে মন্তব্য প্ৰকাশ কৰি কয় যে, "চৰকাৰ হ’বই, নিশ্চিতভাৱে হ’ব, আৰু বেছি দিন নহয় । কিন্তু এই মুহূৰ্তৰ যিটো মানৱীয় দায়িত্ব আৰু কৰ্তব্য, সেয়া হৈছে অসমৰ ৰাইজক এই ভাইৰাছৰ পৰা ৰক্ষা কৰা । দুই-এদিনতে সংসদীয় বোৰ্ডৰ বৈঠক হ’ব আৰু এই বৈঠকেই চুড়ান্ত সিদ্ধান্ত ল’ব । আপোনালোকে সেইটোক লৈ চিন্তা কৰিব নালাগে ।"