নিউজ ডেস্ক, 12 অক্টোবৰ : ভ্ৰাম্যমান থিয়েটাৰ কেৱল মনোৰঞ্জনৰ উপাদানেই নহয়, ই অসমবাসীৰ বাবে এক এৰাব নোৱাৰা আবেগ ৷ বছৰ বছৰৰ পৰা ভ্ৰাম্যমান থিয়েটাৰসমূহে অসমবাসীৰ এক গৌৰৱৰ প্ৰতীক হিচাপে নিজৰ পৰিচয় দি আহিছে ৷ ভ্ৰাম্যমানৰ সৈতে কেৱল মঞ্চৰ সন্মুখত নাট প্ৰদৰ্শন কৰা কলা-কুশলীসকলেই জড়িত হৈ নাথাকে ৷ প্ৰতিটো নাট্যগোষ্ঠীক সাফল্যমণ্ডিত কৰি তোলাৰ আঁৰত থাকে বহু লোকৰ একত্ৰিত শ্ৰম ৷
ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ 10 লাখ টকাৰ সাহায্য কিন্তু বিগত দুটা বছৰে ক’ভিড 19 ৰ বাবে যথেষ্ট আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যৰ ভ্ৰাম্যমান গোষ্ঠীসমূহ ৷ ক’ভিড প্ৰট’কল, লক ডাউনৰ বাবে এই ভ্ৰাম্যমান জগতৰ সৈতে জড়িত কেৱল অভিনেতা-অভিনেত্ৰীয়েই নহয় আন কলা-কুশলীসকলেও উপাৰ্জনৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ৷
ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ 10 লাখ টকাৰ সাহায্য সুদীৰ্ঘ দুটা বছৰৰ প্ৰতিক্ষাৰ অন্তত ৰাজ্য চৰকাৰে ভ্ৰাম্যমান গোষ্ঠীসমূহক নাট প্ৰদৰ্শনৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ এইক্ষেত্ৰত প্ৰতিটো নাট্য গোষ্ঠীকেই ক’ভিড প্ৰট’কল মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ নীতি-নিৰ্দেশনা থাকিলেই ভ্ৰাম্যমানৰ যাত্ৰা পুনৰ আৰম্ভ কৰিব পৰাটোৱেই প্ৰতিটো নাট্যগোষ্ঠীৰ বাবে স্বস্তিৰ নিঃশ্বাস ৷
ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ 10 লাখ টকাৰ সাহায্য এই নাট্যগোষ্ঠীসমূহৰ মনোবল দৃঢ় কৰাৰ লগতে তেওঁলোকক পূৰ্ণ উদ্যমেৰে চলিত বৰ্ষৰ নাট্যযাত্ৰা আৰম্ভ কৰাৰ বাবে উৎসাহিত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 17 টা ভ্ৰাম্যমান গোষ্ঠীক 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে ৷ সোমবাৰে আনুষ্ঠানিকভাৱে ভ্ৰাম্যমান গোষ্ঠীকেইটাক এই সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷
লগতে পঢ়ক :পূজাৰ বতৰত ৰাইজ বঞ্চিত হ’ব নেকি বিদ্যুৎ সেৱাৰ পৰা !