অসম

assam

CM Distribute appointment letters: ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয়ী 9 গৰাকী খেলুৱৈক অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ

By

Published : Jun 11, 2023, 10:59 PM IST

জনতা ভৱনত আয়োজন কৰা অনুষ্ঠানত ৯গৰাকী খেলুৱৈক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্র(CM Distribute appointment letters)। বিশ্বৰ তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা শিখৰ আৰোহণ কৰা দুগৰাকী পৰ্বতাৰোহীৰ লগতে নেতৃত্বত থকা দলটোক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

CM Distribute appointment letters to medal winners of National Games
ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয়ী 9 গৰাকী খেলুৱৈক অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ

ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয়ী 9 গৰাকী খেলুৱৈক অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ

গুৱাহাটী, 11 জুন: গুজৰাটত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা 9 গৰাকী খেলুৱৈক দেওবাৰে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ লগতে বিশ্বৰ তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা শিখৰ আৰোহণ কৰা দুগৰাকী পৰ্বতাৰোহীৰ লগতে নেতৃত্বত থকা দলটোক সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদানৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, 2022 বৰ্ষত গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ 28 গৰাকী খেলুৱৈয়ে পদক লাভ কৰিছিল ৷ ইয়াৰ ভিতৰত সংস্থাপন নথকা 9 গৰাকী খেলুৱৈক আজি অসম চৰকাৰৰ চাকৰি প্ৰদান কৰা হয় ৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা ৰংগীলা দৈমাৰী, অনন্যা শইকীয়া, দিপাংকৰ শৰ্মা, অদিনীতা কাকতি, বনগিতা হাজৰিকা, আনন্দ কুমাৰ নাৰ্জাৰী, অংকুশিতা বড়ো, চানমা ব্ৰহ্ম আৰু বিক্ৰম চাংমাইক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

আনহাতে এই অনুষ্ঠানত বিশ্বৰ তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘাৰ শিখৰ আৰোহণ কৰা দুগৰাকী পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ লগতে দলটোক মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে অভিনন্দন জনাই কয় যে অসম চৰকাৰে ৰাজ্যখনত ক্ৰীড়া পৰিৱেশ এটা নিৰ্মাণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁ ক্ৰীড়াবিদসকলক সাধনা অব্যাহত ৰাখি ক্ৰীড়াৰ জগতখনত উচ্চ শিখৰত আৰোহণ কৰাৰ বাবে আহ্বান জনায় ৷ ৰাজ্য চৰকাৰ খেলুৱৈসকলক সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷

এই অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোচা, পৰিমল শুক্লবৈদ্য আৰু ইউ জি ব্ৰহ্মকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু ৰাজ্যৰ কেইবাগৰাকী তাৰকা খেলুৱৈ উপস্থিত আছিল ৷

লগতে পঢ়ক:যিকোনো নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দল সাজু: অতুল বৰাৰ দৃঢ়তা

ABOUT THE AUTHOR

...view details