অসম

assam

ETV Bharat / state

বিগত দুবছৰত অসমত 8,756 জন প্ৰাক্তন উগ্ৰপন্থীক পুনঃসংস্থাপনৰ দাবী মুখ্যমন্ত্ৰীৰ - Assam govt

ৰাজ্যত স্বাৱলম্বন আঁচনিৰ সফলতা ! অসম চৰকাৰৰ “স্বাৱলম্বন” আঁচনিৰ অধীনত 8,756 জন প্ৰাক্তন উগ্ৰপন্থীক পুনঃসংস্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত দাবী কৰিছে ৷

CM demands rehabilitation of 8,756 ex-militants in Assam in the last two years
বিগত দুবছৰত অসমত 8,756 জন প্ৰাক্তন উগ্ৰপন্থীক পুনঃসংস্থাপনৰ দাবী মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:16 PM IST

গুৱাহাটী, 16 নৱেম্বৰ: বিগত দুবছৰত অসমত আত্মসমৰ্পণ তথা পুনঃসংস্থাপন নীতিৰ অধীনত 8,756 জন প্ৰাক্তন উগ্ৰপন্থীক পুনঃসংস্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে X ৰ জৰিয়তে এই দাবী উত্থপন কৰিছে ৷

"প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ, বৃহৎ সংখ্যক উগ্ৰপন্থীয়ে হিংসাৰ পথ এৰি আমাক নতুন অসম গঢ়ি তোলাত সহায় কৰাৰ সিদ্ধান্ত লৈছে। আত্মসমৰ্পণ তথা পুনঃসংস্থাপন নীতি আৰু "স্বাৱলম্বন" আঁচনিৰ অধীনত তেওঁলোকে দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিছে আৰু এতিয়া এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰি আছে ৷" শৰ্মাই এক্সত এই পোষ্ট উল্লেখ কৰে ৷

স্ৱাৱলম্বন আঁচনিৰ অধীনত যোৱা দুবছৰত NDFB ৰ পৰা 4,203 জন কেডাৰ, 1,926 জন কাৰ্বি উগ্ৰপন্থী, 1,182 জন‌ আদিবাসী, 301 জন এন এল এফ বি, 88 জন এ ডি এফ, 63 জন এন এছ এল এ, 28 জন আৰ এন এল এফ, 29 জন ইউ পি আৰ এফ, 1,24 জন আলফা (আই), 127 জন ইউ জি পি অ ', 74 জন টি এল এ, 38 জন কে এন এল এ, 11 জন ডি এন এল এ আৰু 181 জন ডি এন এল এ ( বুজাবুজি চুক্তিৰ অধীনত ) আৰু 164 জন এন এল এফ বি (বড়ো) , অনান্য উগ্ৰপন্থী সংগঠনৰ 184 জন প্ৰাক্তন কেডাৰক পুনঃসংস্থাপন কৰা হৈছে।

উল্লেখ্য যে, 2019 চনত অসম চৰকাৰে প্ৰাক্তন উগ্ৰপন্থীসকলৰ বাবে এই পুনঃসংস্থাপন আঁচনি আৰম্ভ কৰিছিল। বিভিন্ন উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণকাৰী তথা মূলসুঁতিলৈ উভতি অহা লোকসকলৰ কৰ্মৰ সামৰ্থ্য গঢ় দিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগে “স্বাৱলম্বন” নামে এই আঁচনি আৰম্ভ কৰিছিল । এই আচঁনিৰ জৰিয়তে চৰকাৰে মূলসূঁতিলৈ উভতি অহা উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলক কৌশলগত আৰু স্বাৱলম্বনৰ প্ৰশিক্ষণ দি মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰ প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:Lachit Divas 2023: 10 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব টাইপাই

ABOUT THE AUTHOR

...view details