গুৱাহাটী, ২৫ এপ্ৰিল:ঘোষিত হ’ল গুণোৎসৱ, ২০২৩-ৰ ফলাফল । গুণোৎসৱত পুনৰ এবাৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈছে শিৱসাগৰ জিলা । দ্বিতীয় স্থানত চৰাইদেউ জিলা আৰু তৃতীয় স্থানত গোলাঘাট জিলা (Sivasagar district tops in Gunotsav 2023) ৷ জনতা ভৱনত মঙলবাৰে দুপৰীয়া এই ফলাফল ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM declared Gunotsav 2023 Result) ৷ উল্লেখ্য, ২০১৭ চনৰপৰা অসমত শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ মাজত গুণোৎসৱ আৰম্ভ কৰিছিল ৷
এইবাৰ গুণোৎসৱ যোৱা ১৮ জানুৱাৰীৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে ৩ টা পৰ্যায়ত অনুষ্ঠিত হয় ৷ ফলাফল ঘোষণা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য যে, শিক্ষাৰ গুণগত দিশটো প্ৰণালীবদ্ধ অধ্যয়নৰ বাবে এই গুণোৎসৱৰ আয়োজন কৰা হৈছিল ৷ বৰ্তমান গুণোৎসৱ শিক্ষা ব্যৱস্থাৰ এৰাব নোৱাৰা অংশ হৈ পৰিছে (Assam education department Gunotsav) ৷ এই গুণোৎসৱত মুঠ ৪৪,৫৩১ খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল ৷
আনহাতে, গুণোৎসৱত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪১,৩৫,১৪৩ গৰাকীৰ ভিতৰত উপস্থিতিৰ হাৰ ৯৬.৯৬ শতাংশ ৷ ২০২৩ বৰ্ষৰ গুণোৎসৱৰ মূল্যায়নৰ সকলো কাম স্বচ্ছতা ৰক্ষাৰ বাবে ডিজিটেলি কৰা হৈছিল ৷ ৩১ খন জিলাত তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল এই গুণোৎসৱ ৷
সমগ্ৰ প্ৰক্ৰিয়াটোত ১৮,০৯৭ গৰাকী বহিঃনিৰীক্ষকে অংশগ্ৰহণ কৰিছিল ৷ য’ত মুখ্যমন্ত্ৰী-মুখ্য সচিবৰ পৰা আৰম্ভ কৰি চকীদাৰলৈকে সকলোৱে অংশগ্ৰহণ কৰিছিল । এইবাৰ গুণোৎসৱৰ মূল্যায়নৰ সৰ্বোচ্চ গ্ৰেড A+ পোৱা বিদ্যালয়ৰ সংখ্যা হৈছে ১১,৮৮৬ খন ৷ যিটো মুঠ বিদ্যালয়ৰ ৩০ শতাংশ ৷ একেদৰে A গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১৯,১৭২ খন ৷ B গ্ৰেড লাভ কৰিছে ৰাজ্যৰ মুঠ 7000 খনে আৰু C গ্ৰেড লাভ কৰিছে ৭৬৭ খন বিদ্যালয়ে ৷ গুণোৎসৱত A+ পোৱা বিদ্যালয়সমূহলৈ ২৫,০০০ টকা উপহাৰ হিচাপে চৰকাৰে আগবঢ়াব বুলি ফলাফল ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ৷ এই ধনৰ সুপ্ৰয়োগ কৰিবৰ বাবে থাকিব এক গাইড লাইন ৷
এই ফলাফল ঘোষণা কৰি মুখ্যমন্ত্ৰীৰ দাবী, এইবাৰৰ ফলাফলে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ উন্নয়নকে প্ৰতিফলিত কৰিছে ৷ এখন সুস্থিৰ সমাজে শিক্ষা ব্যৱস্থাৰো উন্নয়ন সাধে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ লগতে B আৰু C গ্ৰেড লাভ কৰা বিদ্যালয়সমূহৰ গুণগত মান উন্নয়নৰ বাবে ধাৰাবাহিক মেণ্টৰিঙৰো পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, গুণোৎসৱৰ শেষৰ স্থানত থকা তিনিখন জিলাক লৈয়ো উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাই ধাৰাবাহিকভাৱে আটাইকেইটা গুণোৎসৱত অন্তিম স্থান লাভ কৰি আহিছে ৷ লগতে তলৰ পৰা তৃতীয় স্থানত আছে চিৰাং জিলা ৷ এই তিনিওখন জিলাৰ শিক্ষা ব্যৱস্থাক লৈ পৰ্যালোচনাৰ পোষকতা কৰি শিক্ষা বিভাগলৈ এলানি পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে ।
লগতে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, অহা ১১ মে’ত ৰাজ্য চৰকাৰে ৬,০০০ নতুনকৈ শিক্ষক নিযুক্তি দিব ৷ তাৰ পূৰ্বে গুণোৎসৱৰ শেষত থকা তিনিওখন জিলাৰ উপায়ুক্তসকলৰ সৈতে শিক্ষকৰ প্ৰয়োজনীয়তাৰ বিষয়টো আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰী কৰে ৷ আহাতে, ৬ষ্ঠ অনুসূচীৰ অঞ্চলসমূহলৈ নিয়মিতভাৱে শিক্ষা বিভাগৰ দল যোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে ৷
গুণোৎসৱৰ ফলাফলৰ আধাৰত চৰকাৰৰ কৃতিত্বও দাবী কৰে মুখ্যমন্ত্ৰীয়ে ৷ আন্দোলনবৰ্জিত পৰিৱেশে উন্নত ফলাফলত সহায় কৰিছে বুলি তেওঁৰ মন্তব্য ৷ শৃংখলিত সমাজে শিক্ষা ব্যৱস্থাক ওপৰলৈ লৈ যায় বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ৷