অসম

assam

By

Published : Mar 12, 2021, 3:39 PM IST

Updated : Mar 12, 2021, 7:47 PM IST

ETV Bharat / state

কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্ৰী' পদৰ প্ৰাৰ্থী

এইবাৰ বিজেপিয়ে আগতীয়াকৈ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰে। কংগ্ৰছৰ নেতৃত্বৰ মহাজোঁটত মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে দাবীদাৰ বহুজন। এজেপি আৰু ৰাইজৰ দলৰ সভাপতি দুজনৰ নাম চৰ্চিত।

কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্রী' পদৰ প্ৰাৰ্থী
কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্রী' পদৰ প্ৰাৰ্থী

গুৱাহাটী,১২ মাৰ্চঃ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী। ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। কিন্তু কোনো এটা দলেই বৰ্তমানলৈ ঘোষণা কৰা নাই নিজৰ দলৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ নাম । ২০১৬ চনৰ নিৰ্বাচনত এই বিষয়টো উত্থাপন হোৱা নাছিল । কাৰণ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল বিজেপি আৰু কংগ্ৰছে। কিন্তু এইবাৰ কোনেও মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। শাসকীয় দল বিজেপিয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে, এইবাৰ দলটোৱে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰে। বিষয়টো সন্দৰ্ভত দলটোৰ ৰাজ্যিক নেতাসকলৰ এটাই কথা শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব।

কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্রী' পদৰ প্ৰাৰ্থী

লক্ষ্যণীয় বিষয় যে, ২০১৬ ৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ নাম আগতীয়াকৈ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিছিল। 'সকলোৰে আনন্দ সৰ্বানন্দ' বুলি নিৰ্বাচনী শ্ল'গান দিয়া হৈছিল। কিন্তু এইবাৰ সেই শ্ল'গান নাই। এইবাৰ 'আকৌ এবাৰ বিজেপি চৰকাৰ' শ্ল'গান দিয়া হৈছে। এইবাৰ বিজেপিৰ চিন্তা-চৰ্চাত কিছু পৰিবৰ্তন দেখা গৈছে। লক্ষ্যণীয় বিষয় যে, বৰ্তমান মুখ্যমন্ত্রীৰ আসনত সৰ্বানন্দ সোণোৱাল থাকিলেও নিৰ্বাচনৰ বিভিন্ন ক্ষেত্রত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । দিল্লী আৰু দিছপুৰৰ লগতে দলত মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰভাৱ বিশেষভাৱে চৰ্চিত হৈছে। যাৰ বাবে হয়টো এইবাৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ নাম আগতীয়াকৈ ঘোষণা কৰা নাই।

কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্ৰী' পদৰ প্ৰাৰ্থী

উল্লেখ্য যে, এইবাৰ প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ সময়তো মন্ত্রী শৰ্মাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। তেওঁৰ পচন্দৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে মুখ্যমন্ত্রীৰ অধিকাংশ ঘনিষ্ঠ প্ৰাৰ্থী টিকট লাভৰ পৰা বঞ্চিত হ'বলগা হ'ল। বিজেপিৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী কোন হ'ব তাক লৈ দলৰ ভিতৰ চ'ৰাটো ব্যাপক চৰ্চা চলিছে। ইফালে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে, চৰকাৰ গঠনৰ পাছত দলৰ পাৰ্লিয়ামেণ্টৰী বোৰ্ডে মুখ্যমন্ত্রীৰ নাম প্ৰস্তাৱ কৰি সিদ্ধান্ত ল'ব। বোৰ্ডে লোৱা সিদ্ধান্ত মানি লোৱা হ'ব। একে কথাই সাংসদ দিলীপ শইকীয়াৰ মুখতো শুনিবলৈ পোৱা গৈছে।

কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্রী' পদৰ প্ৰাৰ্থী

ইফালে মহাজোঁটবন্ধন কৰি সংকটত পৰা কংগ্ৰেছ দলেও মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাই। ২০১৬ চনত কংগ্ৰেছ দলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে সন্মুখত ৰাখি নিৰ্বাচনত অবতীৰ্ণ হৈছিল। কিন্তু এইবাৰ পৰিৱেশ-পৰিস্থিতি বেলেগ। বিগত তিনিটা বিধানসভা নিৰ্বাচনত তৰুণ গগৈ কংগ্ৰছৰ অবিসম্বাদী নেতা আছিল। এইবাৰ তৰুণ গগৈ অবিহনে নিৰ্বাচনত অবতীৰ্ণ হ'বলৈ গৈ সমস্যাত পৰিছে কংগ্ৰেছ । মুখ্যমন্ত্রী পদৰ দাবীদাৰ হিচাপে বহু নেতাই মূৰ দাঙি উঠিছে। তৰুণ গগৈ থকা সময়ত কংগ্ৰেছত মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে দ্বিতীয় এজন নেতাৰ নাম উচ্ছাৰিত হোৱা নাছিল। কিন্তু তেওঁ নথকাত মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ নাম উচ্ছাৰিত হৈছে।

ইফালে মহাজোঁটৰ অন্যতম অংশীদাৰ এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন অজমলো মুখ্যমন্ত্রী পদৰ দাবীদাৰ প্ৰাৰ্থী হিচাপে থিয় দিছে। তেনে এক জটিলতাৰ বাবে মহাজোঁটে মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ বিষয়টো কৌশলগত ভাৱে এৰাই চলা পৰিলক্ষিত হৈছে।

আনহাতে বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নিৰ্বাচনী মিত্রতা কৰিলে যদিও মুখ্যমন্ত্রী পদৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। লক্ষ্যণীয় বিষয় যে, আসন বুজাবুজিক লৈয়ে দুয়োটা দলৰ মাজত সংঘাটে দেখা দিছে। তেনেস্থলত মুখ্যমন্ত্রী পদৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ ক্ষেত্রত যথেষ্ট জটিলতা আছে। দুয়োটা দলৰ সভাপতি দুজন মুখ্যমন্ত্রী পদৰ দাবীদাৰ প্ৰাৰ্থী। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ নাম সমানে চৰ্চিত হৈছে। এইবাৰৰ নিৰ্বাচনী যুঁজখন বিজেপি নেতৃত্বৰ মিত্রজোঁট, কংগ্ৰেছ নেতৃত্বৰ মহাজোঁট আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্রদলৰ মাজত হ'ব। উল্লেখযোগ্য যে, এইবাৰ তিনিকোণীয়া নিৰ্বাচনী যুঁজ হ'ব আৰু এই যুঁজখনৰ বাবে কোনেও মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

লগতে পঢ়কঃ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ নামডোঙাবাসীৰ

Last Updated : Mar 12, 2021, 7:47 PM IST

ABOUT THE AUTHOR

...view details