গুৱাহাটী, 14 মে': সমগ্ৰ অসমত লকডাউন দিয়াৰ সম্ভাৱনা নাই যদিও তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাত যদি পৰিস্থিতি নিয়ন্ত্ৰন নহয়, তেনেহ’লে আৰু অধিক কঠোৰ কৰা হ’ব নীতি-নিয়ম । এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ চিকিৎসক সকলৰ সৈতে আলোচনাত মিলিত হয় ।
চিকিৎসক সকলৰ সৈতে হোৱা আলোচনাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে যে, শনিবাৰে পুনৰ নতুন নিৰ্দেশনা জাৰি কৰা হ'ব । এই নতুন নিৰ্দেশনা কেৱল চাহ-বাগানৰ বাবেহে । 13 মে’ৰ পৰা কাৰ্যকৰী হোৱা নিৰ্দেশনাত চাহ বাগান সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল । যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰোৱাইছিল শ্ৰমিকক । সেয়ে শনিবাৰে কেৱল চাহ বাগান সন্দৰ্ভতে নতুন নিৰ্দেশনা প্ৰকাশ পাব ।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, অসমত বৰ্তমানলৈ লকডাউন সন্দৰ্ভত কোনো চিন্তা চৰ্চা হোৱা নাই । অৱশ্যে পিছলৈ পৰিস্থিতি চাই ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকক 2 হাজাৰ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব । আনহাতে, ক'ভিডত আক্ৰান্ত হোৱা 50 উৰ্দ্ধৰ ব্যক্তিক 17 মে'ৰ পৰা হাস্পতাল নাইবা ক'ভিড কেয়াৰ চেন্টাৰত থকাতো বাধ্যতামূলক কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে । লগতে 17 মে’ৰ পৰাই গুৱাহাটীত প্ৰতিদিনে 20 হাজাৰ ক'ভিড টেষ্ট কৰোৱা হ'ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।