অসম

assam

ETV Bharat / state

Preparation for flood: ৰাজপথত গাঁত থাকিব নোৱাৰিব; জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ভিডিঅ' কনফাৰেন্স যোগে জিলা আয়ুক্তসকলকৰ লগতে বিভাগীয় বিষয়াসকলক কঠোৰ সকিয়নী মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। সাম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিব পৰা ব্যৱস্থাপনা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Attending Video Conferencing) । গুৱাহাটী আৰু ডিব্ৰুগড়ৰ ঘটনাকলৈ জিলা আয়ুক্তক ভৎসনা মুখ্যমন্ত্রীৰ। দুদিনৰ ভিতৰত উন্মুক্ত হৈ থকা নলা আৰু গাঁত সমূহ বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ ।

cm-attending-vc-with-dcs-regarding-flood-preparedness
বানৰ পূৰ্বে জিলা আয়ুক্তসকলক সষ্টম হৈ থকাৰ কঠোৰ সকিয়নী মুখ্যমন্ত্ৰীৰ

By

Published : Jun 11, 2023, 4:12 PM IST

Updated : Jun 11, 2023, 8:29 PM IST

বানৰ পূৰ্বে জিলা আয়ুক্তসকলক সষ্টম হৈ থকাৰ কঠোৰ সকিয়নী মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১১ জুন:মানুহৰ জীৱন হানি হ'ব পৰা কোনো গাফিলতি কোনো কাৰণতে সহ্য কৰা নহ'ব ৷ এই কঠোৰ সকিয়নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে ভিডিঅ' কনফাৰেন্স যোগে জিলা আয়ুক্তসকলকৰ লগতে বিভাগীয় বিষয়াসকলক কঠোৰ সকিয়নী দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Attending Video Conferencing)। জনতা ভৱনৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলৰ লগতে আন বিভাগীয় বিষয়াসকলৰ সৈতে সাম্ভাব্য বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা ব্যৱস্থাপনা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে (CM Attending VC with DCs regarding flood preparedness)।

আৰম্ভনিতেই মুখ্যমন্ত্ৰীয়ে পথত খান্দি ৰখা গাঁতৰ বাবে গুৱাহাটীত এগৰাকী ছাত্ৰী আৰু ডিব্ৰুগড়ত এজন লোকৰ মৃত্যু হোৱা ঘটনাকলৈ সৰৱ হৈ পৰে (Flood preparation in Assam)। এই দুয়োটা ঘটনাৰ বাবে মুখ্যমন্ত্ৰীয়ে দুয়োখন জিলাৰ আয়ুক্তক জবাহদিহি কৰাৰ লগতে ভৎসনা কৰে । মুখ্যমন্ত্ৰীয়ে সকলো জিলা আয়ুক্তক দুদিনৰ ভিতৰত উন্মুক্ত হৈ থকা নলা আৰু গাঁতসমূহ বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ দিয়ে ৷ লগতে যিসমূহ নলা বা গাঁতৰ কাম চলি আছে সেইসমূহত ৰঙা ফিটাৰে বাঁহৰ বেৰিকেড দিয়াৰ বাবে নিৰ্দেশ দিয়ে ৷

ডিব্ৰুগড়ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গাঁতটো কোনে খান্দিছিল সেইটোকে উদঘাটন কৰিব নোৱাৰাকলৈ জিলা আয়ুক্তগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, এজন লোকৰ মৃত্যু হৈছে আৰু এই ঘটনাৰ বাবে দায়ী কোন সেয়া নিশ্চিত হ'ব লাগিব। ঘটনাৰ আৰক্ষীৰ তদন্ত কিয় হোৱা নাই আৰু দোষী ঠিকাদাৰক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, চৰকাৰখন ভালদৰে চলি আছে আৰু এনেবোৰ ঘটনাৰে কিয় অশান্তি কৰিব লাগে ৷ বি এছ এন এল, এয়াৰটেল, পূৰ্ব ভাৰতী গেছ লিমিটেড, অমৃত নাইবা লোকনিৰ্মাণ বিভাগকে ধৰি যিয়েই নহওক কিয়, খান্দি ৰখা নলা আৰু গাঁতসমূহ আজি আৰু কাইলৈৰ ভিতৰত বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে ৷

আনহাতে, যিসমূহ বন্ধ কৰিব পৰা নোৱাৰি বা কাম চলি আছে সেইবোৰত ভালদৰে বেৰিকেট দি ৰঙা ফিটা লগোৱাৰ নিৰ্দেশ দিয়ে ৷ যাতে কোনো কাৰণতে পুনৰ তেনে দুৰ্ঘটনা নহয় আৰু কোনো লোক মৃত্যু মুখত নপৰে ৷

ইফালে উলুবাৰীত ৰাস্তাৰ ওপৰত থকা গাঁতক লৈয়ো মুখ্যমন্ত্ৰীগৰাকী সৰৱ হৈ পৰে । সেইদৰে বি বৰুৱা ৰোডত বিগত ডেৰ বছৰ ধৰি নলা নিৰ্মাণৰ কাম চলি থকাকলৈয়ো মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰীয়ে সময়মতে কাম নোহোৱাৰ বাবে আৰু ঘটনা এটা হোৱাৰ পাচত ব্যৱস্থা গ্ৰহণ কৰাকলৈ কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাক ভৎসনা কৰে ৷

মুখ্যমন্ত্ৰীয়ে চলি থকা কাম সমূহ শীঘ্ৰে সমাপ্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে ৷ এইক্ষেত্ৰত জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে কঠোৰ সকিয়নী দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক জনতাৰ অভিযোগসমূহ গুৰুত্ব সহকাৰে লোৱাৰ বাবে একপ্ৰকাৰ নিৰ্দেশ দি কয় যে, এইবাৰ ক'ৰবাত গাঁত থাকিলে আৰু কিবা ঘটনা হ'লে বিভাগীয়ভাৱে নহয় আৰক্ষী অধীক্ষকক একশ্যন লোৱাৰ বাবে কোৱা হ'ব ৷ এনেদৰে চলিলে নহ'ব বুলি জিলা আয়ুক্ত সকলক সকিয়নী দি মুখ্যমন্ত্ৰীয়ে কয় যে, পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে বাৰম্বাৰ কোৱাৰ পিচতো নতুন সমস্যাৰ সৃষ্টি কৰিছে । কামত গাফিলতি কোনো কাৰণতে মানি লোৱা নহ'ব ৷ নিজৰ কাম দায়িত্ব সহকাৰে কৰিব লাগিব ৷

মুখ্যমন্ত্ৰীয়ে ৰাইজে যাতে ক'ৰবাত উন্মুক্ত নলা বা গাঁত দেখিলে অভিযোগ দিব পাৰে তাৰ বাবে হোৱাটছ এপ নম্বৰৰ ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । গুৱাহাটীত চলি থকা কাম সমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে ঠিকাদাৰসকলক নিৰ্দেশ দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক কয় ।

আনহাতে ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰীয়ে সাম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ যাৱতীয় প্ৰস্তুতি তথা ব্যৱস্থাপনাৰ বুজ লয়। বতৰ বিজ্ঞান কেন্দ্ৰৰ যোগেদি বতৰৰ আগজাননী লৈ মুখ্যমন্ত্ৰীয়ে কয় যে, আগন্তুক পাঁচদিন বিভিন্ন জিলাৰ প্ৰচুৰ বৰষুণৰ সম্ভাৱনা আছে ৷ তাৰ পিচৰ পাঁচদিনত পৰিস্থিতি প্ৰতিকূল হ'ব পাৰে । তাৰ বাবে মুখ্যমন্ত্রীয়ে সকলো জিলাৰ আয়ুক্ত সকলক পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিয়ে।

ইফালে ছুটীত থকা কাছাৰ জিলাৰ আয়ুক্তক কাইলৈ যোগদানৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে ডিমা হাচাও জিলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি এইবাৰ আগতীয়াকৈ সকলো ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়ে । যাতে বিগত বৰ্ষৰ দৰে পৰিস্থিতি হ'লে আগতীয়াকৈ মোকাবিলা কৰিব পৰা যায় । মুখ্যমন্ত্ৰীয়ে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীকে ধৰি আন সাহায্য সামগ্ৰী মজুত ৰখাৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে । বানপানী হ'লে যাতে ৰাইজে লগে লগে সাহায্য লাভ কৰে । মুখ্যমন্ত্ৰীয়ে অত্যন্ত জৰুৰী নহ'লে চিকিৎসকসকলক ছুটী নিদিয়াৰ বাবে নিৰ্দেশ দিয়ে ৷

বানৰ সময়ত যাতে পশু খাদ্যৰ নাটনি নহয় তাৰ বাবেও ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে বৰষুণৰ বাবে ৰাজ্যত হ'বলগীয়া সাম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ লগতে সকলো বিভাগকে সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে । এইবাৰ যাতে বানপানীৰ সময়ত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তথা ৰাইজৰ কোনো অভিযোগ নাথাকে তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা আগতীয়াকৈ লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:Heavy rainfall in Guwahati : বশিষ্ঠত কালি মন্দিৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ

Last Updated : Jun 11, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details