অসম

assam

ETV Bharat / state

পঞ্চায়ত প্ৰতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্ৰী - CM attend meeting with elected_Zila Parishad representatives

বিজেপিৰ জিলা পৰিষদৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। দুর্নীতি নকৰো, দুর্নীতি কৰিব নিদিও মহামন্ত্ৰৰে দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন হৈ থাকিব পাৰিলে পঞ্চায়ত প্ৰতিনিধিসকলে সন্মানো পাব আৰু আসনো পাব । এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

CM attend meeting with elected_Zila Parishad representatives
পঞ্চায়ত প্রতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্রী

By

Published : May 11, 2022, 10:41 PM IST

Updated : May 11, 2022, 10:49 PM IST

গুৱাহাটী, ১১ মে’ :বিজেপিৰ নিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলৰ সৈতে আজি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এক বৈঠকত মিলিত হয় । গুৱাহাটীৰ দিছপুৰস্থিত লোক নির্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰা এই সভাত মুখ্যমন্ত্ৰী শৰ্মাই দলৰ কার্যকর্তা আৰু জিলা পৰিষদৰ সদস্য হিচাপে দ্বৈত দায়িত্ব পালন কৰি স্বচ্ছ আৰু নিকা ভাবমূৰ্তিৰে ৰাইজৰ কাম কৰি যাবলৈ উপস্থিত দলৰ নিৰ্বাচিত সদস্যসকলক আহ্বান জনায় । পঞ্চায়তীৰাজ ব্যৱস্থাত বিভিন্ন প্ৰান্তত চলি থকা দুর্নীতি সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে দুর্নীতিৰ সৈতে আপোচ নকৰা ।

পঞ্চায়ত প্রতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্রী

এম জি এনৰেগাৰ নামত সংঘটিত দুর্নীতিৰ অভিযোগৰ বিষয়ে দোহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে পঞ্চায়ত প্ৰতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় । তেওঁ কয় যে কাম কৰিবৰ বাবে চৰকাৰৰ বিষয়া-কৰ্মচাৰী আছে। বিধায়ক, জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়ত অথবা গাঁও পঞ্চায়তৰ সভাপতি-সদস্যৰ দায়িত্ব হৈছে কামৰ তদাৰক কৰাহে । জিলা এখনত প্ৰত্যেক বিভাগৰ ওপৰতে জিলা পৰিষদৰ চোৱাচিতা কৰাৰ অধিকাৰ থাকিব ৷ কিন্তু তাৰ বাবে সদস্য সকলে ঠিকাদাৰৰ দায়িত্ব নলৈ নেতাৰ ভূমিকাত অৱতীৰ্ণ হৈ দক্ষতা আৰু সততাৰে পঞ্চায়তৰ বিভিন্ন আঁচনিৰ তদাৰক কৰি পঞ্চায়তৰ প্ৰতিনিধিৰ মর্যাদা অক্ষুন্ন ৰাখিব পাৰিব লাগিব । দুর্নীতি নকৰো, দুর্নীতি কৰিব নিদিওঁ মহামন্ত্ৰৰে দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন হৈ থাকিব পাৰিলে পঞ্চায়ত প্ৰতিনিধিসকলে সন্মানো পাব আৰু আসনো পাব বুলি তেওঁ মন্তব্য কৰে ।

পঞ্চায়ত প্রতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্রী

ৰাজ্যখনৰ বিভিন্ন বিভাগত চকুত লগা কাম-কাজ হৈ থকাৰ বিপৰীতে পঞ্চায়তত তেনেধৰণৰ চমকপ্ৰদ কাম-কাজ প্ৰত্যক্ষ হোৱা নাই বুলি আক্ষেপ কৰি মুখ্যমন্ত্ৰীয়ে অহাবাৰৰ পৰা এম জি এন ৰেগাৰ পুঁজি অমৃত সৰোবৰ নিৰ্মাণত ব্যয় কৰা হ'ব বুলি ঘোষণা কৰে । তেওঁ প্ৰতিটোতে এক হেক্টৰ মাটি কালিৰে ৩০০ মিলিয়ন মেট্ৰিকটন জলসংৰক্ষণৰ লক্ষ্যৰে অসমৰ প্ৰতিখন জিলাতে ৭৫ টাকৈ ৩ হাজাৰটা অমৃত সৰোবৰ নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰে । তিনি তৰপীয়া ব্যৱস্থাৰে এই সৰোবৰৰ পাৰত মহিলা সমিতি, পতাকা উত্তোলন আৰু আত্ম সহায়ক গোটৰ বাবে স্থান থাকিব বুলি তেওঁ কয় । প্ৰধানমন্ত্ৰীৰ এই অভিলাষী আঁচনিত ৰাজ্য চৰকাৰে সৰ্বমুঠ পুঁজিৰ আধা যোগান ধৰিব ।

পঞ্চায়ত প্রতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্রী

তদুপৰি ১০০ বিঘাৰ পুখুৰী নিৰ্মাণ কৰিবৰ বাবে চৰকাৰে ২৫ লাখ টকাৰ সাহাৰ্য প্ৰদানৰো ব্যৱস্থা কৰিব বুলি তেওঁ ভাষণত কয় । এক-ডেৰ মাহৰ ভিতৰত চৰকাৰী কৰ্মচাৰীৰ দৰে জিলা পৰিষদৰ সদস্যৰ একাউণ্টতো প্ৰতিমাহৰ ১ তাৰিখৰ পৰা দৰমহা সোমোৱাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । প্ৰতি কুইণ্টলত ১৯৬০ টকা দৰত চৰকাৰে ধান ক্ৰয় কৰি থকাৰ লগতে ভূমিৰ গৰাকীসকললৈ কৃষক সম্মান নিধি প্ৰদানৰ জৰিয়তে চৰকাৰে কৃষক ৰাইজক উপকৃত কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰা অসমৰ ৫৮ লাখ পৰিয়ালক খাদ্য সুৰক্ষাৰ কার্ড প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ১ ছেপ্টেম্বৰৰ পৰা আধাৰ কাৰ্ড নথকা বাকী লোকসকলৰ বাবে খাদ্য সুৰক্ষাৰ কার্ড প্ৰদানৰ বাবে বিবেচনা কৰা হ'ব বুলি সভাত কয় । গুণোৎসৱ, মিছন বসুন্ধৰা, অমৃত সৰোবৰ, জল জীৱন, এম জি এনৰেগা আদি জনমুখী আঁচনিৰ সফল ৰূপায়ণৰ বাবে জিলা পৰিষদৰ সদস্যসকলে দায়িত্ব সহকাৰে আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।

পঞ্চায়ত প্রতিনিধিৰ কাম তদাৰকী কৰাহে, ঠিকাদাৰী নহয় : মুখ্যমন্ত্রী

আৰম্ভণিতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJP president Bhabesh Kalita)জিলা পৰিষদৰ সদস্যসকলৰ বিভিন্ন কাম-কাজৰ খতিয়ান লোৱাৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্য চৰকাৰখনে সংস্কাৰমুখী যাত্ৰাৰে প্ৰগতিৰ এক নতুন দিগন্তলৈ গতি কৰা বুলি মন্তব্য কৰে । সভাত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ লগতে কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:Gunotsav Assam 2022 : গুণোৎসৱ উপলক্ষে ছিপাঝাৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

Last Updated : May 11, 2022, 10:49 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details