অসম

assam

ETV Bharat / state

গুৱাহাটী আই আই টিত কোভিড চিকিৎসালয় মুকলি - ৮০০ ক‘ৰণা আক্ৰান্ত ৰোগী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আই আই টিত কোভিড চিকিৎসালয় মুকলি ৷ ৮০০ ক‘ৰণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খনত।

cm at IIT guahati Inauguration covid hospital
গুৱাহাটী আই আই টিত কোভিড চিকিৎসালয় মুকলি

By

Published : Jul 3, 2020, 6:33 PM IST

গুৱাহাটী,3জুলাইঃআই আই টি গুৱাহাটীত শুকুৰবাৰে কোভিড চিকিৎসালয় মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৮০০ ক‘ৰণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খনত। ক'ৰণা অত্যাধিক সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কোভিড চিকিৎসালয় স্থাপনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

গুৱাহাটী আই আই টিত কোভিড চিকিৎসালয় মুকলি

উল্লেখযোগ্য যে আই আই টি গুৱাহাটীৰ অতিথি শালাৰ কোৱাৰেন্টাইন কেন্দ্ৰটোত পৰ্যব্যসিত কৰা হৈছে কোভিড চিকিৎসালয়লৈ । ৰাজ্যৰ ক‘ৰণা আক্ৰান্ত ৰোগীক উন্নত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰ সদায় সষ্টম হৈ আছে বুলি মত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰি লক ডাউন মানি চলাৰ বাবে মহানগৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। ইফালে ৰাজ্যত অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্বিৰ সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য সৰ্বানন্দ সোণোৱালৰ । ৰাজ্যৰ জনতা যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি চৰকাৰ ব্যবস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 9434 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6106 গৰাকীকৈ লোক ৷ আনহাতে ৰাজ্যখনত কৰ’ণা আক্ৰান্তত বৰ্তমানলৈকে মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3311 টা ঘটনা ৷ 2 জুলাইত ৰাজ্যখনত মুঠ 479 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়কঃ পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details