গুৱাহাটী,১ অক্টোবৰ:দেশভক্ত তৰুণৰাম ফুকন ইনদ'ৰ ষ্টেডিয়ামত পাঁচদিনীয়াকৈ অনুষ্ঠিত দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ শুক্ৰবাৰে সন্ধিয়া সামৰণি পৰে(South Asia Regional Junior Badminton Championship) । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে অসম বেডমিণ্টন সন্থা(Assam Badminton Association)ক এই প্রতিযোগিতা আয়োজনৰ সুযোগ দিয়াৰ বাবে বেডমিণ্টন এছিয়া আৰু বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়া(Badminton Association of India)ক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে এইবাৰকে ধৰি অসমত তৃতীয় বাৰৰ বাবে অসম বেডমিণ্টন সন্থাই এই আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে সুযোগ লাভ কৰিছে । সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ১৫ আৰু ১৭ বছৰ অনুৰ্দ্ধৰ ল'ৰা-ছোৱালীয়ে অনবদ্য প্রদর্শন দেখুৱাবলৈ সক্ষম হৈছে । এই প্রতিযোগিতাৰ জৰিয়তে দেশ তথা ৰাজ্যখনৰ প্ৰতিভাধাৰ বেডমিণ্টন খেলুৱৈসকলক নিজৰ দক্ষতা দেখুৱাৰ বাবে সুযোগ প্রদান কৰিলে ।
এই প্রতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অতিশয় আনন্দিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক্রীড়া প্রতিভা বিকাশৰ ক্ষেত্ৰত ই এক সঠিক মঞ্চ হিচাপে বিবেচিত হৈছে । ইয়াৰ জৰিয়তে পৰবর্তী পর্যায়ত তেওঁলোকে নিজৰ ক্রীড়া প্রতিভা অধিক বিকশাই তোলাৰ বাবে সুযোগ লাভ কৰিব । তেওঁ লগতে কয় যে এই আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাখন অসমে সফলতাৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।