গুৱাহাটী, ১২ মাৰ্চ : “মদ খোৱাত আমিও বাধা নিদিও ৷ দোকানতো আমিয়েই খুলি ৰাখিছো ৷ কিন্তু তাৰ স্থান, কাল, পাত্ৰ জনাতো খুব প্ৰয়োজনীয় আৰু মানুহৰ মাজত এটা বিশ্বাস হ’ব লাগে যে বিহুৰ চান্দা তোলাৰ টকাৰে তেওঁলোকে মদ খোৱা নাই ৷” বুধবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma comments on Bihu) ৷
কিন্তু কিয় কৰিলে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য ? ব’হাগ বিহুৰ অনুষ্ঠানত সুৰাৰ অবাধ প্ৰচলনক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে উদ্বিগ্ন বিহুৰ বাবে বলপূৰ্বক চান্দা তোলা কাৰ্যক লৈও (CM asked everyone to avoid drinking alcohol) ৷
“ব’হাগ বিহুক আমি কেতিয়াও সুৰাৰ সৈতে জড়িত কৰিব নালাগে ৷ এই ব্যৱস্থাটোৱে বিশ্ব দৰবাৰত আমাক এটা তুলুঙা জাতিলৈ পৰিৱৰ্তন কৰে ৷” এই মন্তব্যৰে বিহুত সুৰাৰ প্ৰচলন আৰু জোৰকৈ চান্দা তোলা প্ৰসংগত নিজৰ মত প্ৰকাশ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বুধবাৰে অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ মুঠ ২,১১৪ খন বিহু সমিতিক ১.৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় (CM asked to avoid drinking alcohol during bihu) ৷