অসম

assam

By

Published : Jan 23, 2022, 8:01 PM IST

Updated : Jan 23, 2022, 8:23 PM IST

ETV Bharat / state

ছাত্ৰনেতাক আৰক্ষীয়ে গুলীওৱা ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ: তদন্তৰ দায়িত্ব পৱন বৰঠাকুৰক

এসপ্তাহৰ ভিতৰত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীওৱা ঘটনাৰ (Student Leader Shot by Police in Nagaon) তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে । এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ক’লে, নিৰীহ বা সৰ্বসাধাৰণ লোকৰ প্ৰতি কঠোৰ হোৱা আৰক্ষীৰ লোকক ক্ষমা কৰা নহ’ব ।

cm-announces-inquiry-after-student-leader-shot-by-police-in-nagaon
ছাত্ৰনেতাক আৰক্ষীয়ে গুলীওৱা ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ: তদন্তৰ দায়িত্ব পৱন বৰঠাকুৰক

গুৱাহাটী, ২৩ জানুৱাৰী: নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীওৱা ঘটনাৰ (Student Leader Shot by Police in Nagaon) তদন্ত কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক নিৰ্দেশ দিছে চৰকাৰে । দেওবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (CM announces inquiry on Nagaon shooting case) । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, অসম আৰক্ষী সাধাৰণ নিৰীহ মানুহৰ বন্ধু হ’ব লাগিব ।

ছাত্ৰনেতাক আৰক্ষীয়ে গুলীওৱা ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ: তদন্তৰ দায়িত্ব পৱন বৰঠাকুৰক

'' আৰক্ষীৰ কোনো লোক যদি নিৰীহ বা সৰ্বসাধাৰণ লোকৰ প্ৰতি কঠোৰ হয় তেন্তে তেনে আৰক্ষীক ক্ষমা কৰা নহ’ব । মই দুলীয়াজানৰ আৰক্ষী সন্মিলনত এই কথা বাৰম্বাৰ কৈ থৈ আহিছিলো । নগাঁৱৰ এই ঘটনাটোত যদি অসম আৰক্ষীৰ কোনো লোকে দোষ কৰিছে তেন্তে তেনে লোকৰ বিৰুদ্ধে নিশ্চিত ভাবে শাস্তিমূলক ব্যৱস্থা লোৱা হব । এই ঘটনাত যিকেইজন আৰক্ষীৰ লোক জড়িত আছিল তেওঁলোকক সাত দিনৰ বাবে ৰিজাৰ্ভ ক্ল'জ কৰিবলৈ মই ইতিমধ্যে নিৰ্দেশ দিছো । " সংবাদমেলত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে, এইবাৰ গণৰাজ্য দিৱস বৰ্জনৰ বাবে আলফা (স্বা) ই কোনো আহ্বান নজনোৱাৰ বাবে পৰেশ বৰুৱাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে এইদৰেই হয়তো এদিন আলোচনাৰ দূৱাৰ মুকলি হ’ব (CM Himanta encourages ULFA chief Paresh Baruah) ।

লগতে পঢ়ক :Student Leader Shot by Police in Nagaon: আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিৰ্জাভ ক্লজ

Last Updated : Jan 23, 2022, 8:23 PM IST

ABOUT THE AUTHOR

...view details