গুৱাহাটী,১২ নৱেম্বৰ: শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈয়ে ৷ বিগত দীৰ্ঘসময় ধৰি অসুস্থ হৈ আছিল যশস্বী পৰিচালকগৰাকী (Pulok Gogoi passes away) ৷ কেবাটাও ৰোগত আক্ৰান্ত হৈ থকা গগৈৰ চিকিৎসা চলি আছিল বিগত কেবামাহজুৰি ৷ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে । ছ'চিয়েল মিডিয়াযোগে শোকপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে(CM condoles Pulak Gogoi death) । তেঁও কয় যে ১৯৩৮ চনত জন্মগ্ৰহণ কৰা গগৈয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰি অসমীয়া চলচ্চিত্ৰৰ জগতখন সমৃদ্ধ কৰি গৈছে । খোজ, শ্ৰীমতী মহিমাময়ী, সূৰুয, সেন্দুৰ, মমতাজ, সদৰী, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি বহু জনপ্ৰিয় অসমীয়া ছৱিৰ পৰিচালক পুলক গগৈৰ দেহাৱসান সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।