গুৱাহাটী, ২৯ এপ্ৰিল :যুদ্ধবিৰতি ঘোষণা কৰি পৰেশ বৰুৱা নেতৃত্বাধীন আলফাই (স্বা) শান্তি আলোচনাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰাৰ সময়তে সশস্ত্ৰ সংগঠনটোৰ শিবিৰত ধৰা পৰিছে অসম আৰক্ষী আৰু সেনাৰ চোৰাংচোৱা (Spy in ULFA-I camp)। শেহতীয়াভাৱে আলফা স্বাধীনত ন ন যুৱকৰ যোগদানে গৃহ বিভাগক উদ্বিগ্ন কৰি ৰাখিছে । তেনে সময়তে আলফাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বাইহাটাৰ সঞ্জীৱ শৰ্মা নামৰ আৰক্ষীৰ চোৰাংচোৱাগৰাকীৰ ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Assam Police spy in ULFA camp)।
ভিডিঅ'ত যুৱকজনে আৰক্ষী আৰু সেনা বিষয়াই আলফাত যোগদান কৰোৱাইছিল বুলি মন্তব্য কৰিছিল । মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি শইকীয়া নামৰ সেনা বিষয়া এগৰাকীৰ নিৰ্দেশত যোগদান কৰা বুলি তেওঁ সদৰী কৰিছিল । ইয়াৰ পিছতে সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
পাৰ্থ সাৰথি মহন্তই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, কিয় তেওঁৰ নামটো ল'লে সেই বিষয়ে জ্ঞাত নহয় (Partha Sarathi Mahanta reacts to spy in ULFA)। তেওঁ গুৱাহাটী আৰক্ষীৰ বিষয়া । এই বিষয়টোৰ লগত কেৱল মহানগৰ আৰক্ষী জড়িত নহয় ।