গুৱাহাটী,8 মে’ঃবৃহস্পতিবাৰে 8 গৰাকীকৈ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যত । বিশেষকৈ গ্ৰীণ জ’নত থকা গুৱাহাটী মহানগৰীত 4 জন লোক আক্রান্ত হোৱাত চিন্তিত হৈ পৰিছে সাধাৰণ জনতাৰ লগতে অসম চৰকাৰ । আক্রান্তসকলৰ ভিতৰত এগৰাকী যুৱতীৰ বৃহস্পতিবাৰে মৃত্যু হোৱাত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰে ৷ বি বৰুৱা কৰ্কট প্রতিষ্ঠানৰ এগৰাকী চাফাইকর্মীৰ নাতিনীয়েক প্ৰায় ১৬ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে বন্ধ কৰি দিয়া হৈছে প্ৰতিষ্ঠানখনৰ মুখ্য প্ৰৱেশদ্বাৰ । ইতিমধ্যে কৰ্কট ৰোগত আক্রান্ত বহু লোক চিকিৎসালয়খনৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল এতিয়া চিকিৎসাজনিত সমস্যাৰ সন্মুখীন হৈছে । সকলোতকৈ উদ্বেগজনক খবৰটো হৈছে মৃত যুৱতী গৰাকীৰ আইতাকে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰৱেশদ্বাৰৰ বাহিৰত দীৰ্ঘদিনৰ পৰা ক্ষুদ্ৰ ব্যৱসায় চলাই আহিছিল ৷
বন্ধ হ’ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ মুখ্য প্ৰৱেশদ্বাৰ - বি বৰুৱা কৰ্কট চিকিৎসালয়
সুৰক্ষাৰ স্বাৰ্থত বন্ধ কৰি দিয়া হৈছে মহানগৰীৰ বি বৰুৱা কৰ্কট চিকিৎসালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ ৷ প্ৰতিষ্ঠানটোত কৰ্মৰত এগৰাকী চাফাই কৰ্মীৰ আত্মীয়ৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসালয়খনত ।

বন্ধ হ’ল বি বৰুৱা কৰ্কট প্রতিষ্ঠানৰ মুখ্য প্ৰৱেশদ্বাৰ
বন্ধ হ’ল বি বৰুৱা কৰ্কট প্রতিষ্ঠানৰ মুখ্য প্ৰৱেশদ্বাৰ
উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত একেলগে আঠ ব্যক্তিৰ শৰীৰত Covid 19 ৰ উপস্থিতি ধৰা পৰিছিল । আক্ৰান্তসকলৰ ভিতৰত এগৰাকী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত চাফাই কৰ্মীৰ নাতিনীয়েক, এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক, এগৰাকী চান্দমাৰীৰ বাসিন্দা হোৱাৰ লগতে আনগৰাকী বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোক ৷
লগতে চাওকঃকৰ্ম সংস্থাপনৰ আশা : নিজ ৰাজ্যলৈ যোৱাৰ সিদ্ধান্ত ত্যাগ বহু শ্ৰমিকৰ
Last Updated : May 8, 2020, 11:06 AM IST