গুৱাহাটী,১৯ জুলাই: জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে চৰকাৰে আছাম ষ্টেট এক্চন প্লেন অন ক্লাইমেট চেঞ্জ (২০১৫-২০২০)চমুকৈ এছ পি এ চি চি শীৰ্ষক জলবায়ু পৰিবর্তন সম্পৰ্কীয় এক্চন গ্লেন প্রস্তুত কৰিছিল (Assam State Action Plan on Climate Change 2015-2020)। কিন্তু এই এক্চন প্লেন সাত বছৰ ধৰি চৰকাৰী ফাইলতে আবদ্ধ আছে ।
শেহতীয়াভাবে এই এক্চন প্লেনখন কাৰ্যকৰী কৰিব নোৱাৰি ৰাজ্য চৰকাৰে আকৌ ২০৩০ বছৰক ভিত্তি বছৰ হিচাপে লৈ এই এক্চন প্লেনখন সংশোধন আৰু সম্প্ৰসাৰিত কৰি 'ৰিভাইজড আছাম ষ্টেট এক্চন প্লেন অন ক্লাইমেট চেঞ্জ( ২০০১- ২০৩০)' প্ৰস্তত কৰাৰ বাবে পদক্ষেপ লৈছে । সোমবাৰে এই ৰিভাইজড এক্চন প্লেনখন প্ৰস্তত কৰাৰ বাবে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য় যে সাত বছৰ ধৰি চৰকাৰী ফাইলতে আবদ্ধ থকা পূৰ্বৰ এক্চন প্লেনখনতো জলবায়ু পৰিবৰ্তনৰ কেতবোৰ উদ্বেগজনক তথ্য প্রকাশ পাইছে ।
এক্চন প্লেনখনত থকা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, যোৱা ৫৯ বছৰত ৰাজ্যত সর্বাধিক তাপমাত্রা অস্বাভাবিক হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে বৰষুণৰ পৰিমাণ অভাৱনীয় হাৰত হ্রাস পাইছে । লক্ষণীয় যে এই সময়ছোৱাত স্বাভাৱিক বৰষুণৰ পৰিমাণ গড়ে হ্রাস পাইছে যদিও কোনোবা এটা দিনত অভিমাত্রা বৰষুণৰ পৰিমাণ বৃদ্ধি পাই আছে । ৰাজ্যত এই অবস্থা অব্যাহত থাকিলে ২০৫০ চনৰ ভিতৰত ৰাজ্যত এদিনত হোৱা অতিমাত্রা বৰষুণৰ পৰিমাণ ৫ শতাংশৰ পৰা ৩৮ শতাংশ বৃদ্ধি হ'ব । ধাৰণা কৰা মতে, ২০৫০ চনৰ ভিতৰত ৰাজ্যত এদিনত হোৱা অতিমাত্রা বৰষুণৰ পৰিমাণ ৩৮ শতাংশলৈ বৃদ্ধি হ'লে মহাপ্রলয় হ'ব । তথ্য মতে, ২০৫০ চনৰ ভিতৰত ৰাজ্যৰ পশ্চিম প্রান্ত ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ, বৰপেটা আৰু বঙাইগাঁও জিলাত বছৰি বৰষুণৰ পরিমাণ ৫ ৰ পৰা ১০ শতাংশলৈ হ্রাস পাব । আকৌ ৰাজ্যৰ পূব প্ৰান্তৰ মৰিগাঁও, শোণিতপুৰ, গোলাঘাট, দৰং জিলাত বছৰি বৰষুণৰ পৰিমাণ ৫-১০ শতাংশলৈ হ্রাস পাব ।
আনহাতে,ৰাজ্যৰ দক্ষিণ প্রান্তৰ ডিমা হাচাও,পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু কাছাৰ জিলাত বছৰি বৰষুণৰ পৰিমাণ ১০-২৫ শতাংশলৈ হ্রাস হ'ব । ২০৫০ চনৰ ভিতৰত দক্ষিণ প্ৰান্তৰ জিলাকেইখনক বাদ দি বাকী জিলাসমূহত খৰাং সপ্তাহৰ সংখ্যা ৫ শতাংশৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধি হ'ব । এই তথ্যৰ পৰাই ৰাজ্যৰ ভৱিষ্যতৰ জলবায়ু পৰিৱর্তনৰ ভয়াবহতা অনুমান কৰিব পাৰি । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, ৰাজ্যত ২৫ শতাংশ বৰষুণ কম হৈছে । আকৌ জুলাইত অভিমাত্রা বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছিল যাৰ বাবে এইবাৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ।
উল্লেখ্য যে ভয়াবহ জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰিবৰ বাবে ২০০৮ চনৰ পৰা ২০১৫ চনলৈ সাত বছৰজোৰা অধ্যয়ন আৰু গৱেষণাকে কেন্দ্রীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবর্তন মন্ত্রণালয় আৰু ইংলেণ্ডৰ ডিপার্টমেন্ট ফ'ৰ ইন্টাৰনেল ডেভেল'পমেন্ট চমুকৈ ডি এফ আই ডি যে প্রস্তুত কৰি ২০১৫ চনৰ ছেপ্টেম্বৰত ৰাজহুৱা কৰা এছ এ পি চি চি প্রতিবেদন শীর্ষক একচন ফেনখন আজিলৈকে কার্যকৰীয়ে নহ'ল । ৰাজ্যৰ জলবায়ু সম্পৰ্কীয় এক্চন প্লেনখন পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে ২০১৭ চনতহে আছাম ক্লাইমেট চেঞ্জ মেনেজমেন্ট ছ'চাইটীখন গঠন কৰিছে যদিও কোনো কার্যপ্রণালী গ্ৰহণ কৰা নহ'ল ।
উল্লেখ্য যে জলবায়ুৰ পৰিবৰ্তনে সমগ্ৰ দেশৰ লগতে ভাৰততো প্রত্যাহ্বান হিচাপে দেখা দিছে । ৰাষ্ট্ৰসংঘৰ ইণ্টাৰ গবর্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ চমুকৈ আই পি চি চিৰ ২০০৭ চনৰ প্ৰতিবেদন মতে,বেছিকৈ জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰা দেশসমূহৰ ভিতৰত ভাৰতকো অন্যতম হিচাপে চিহ্নিত কৰিছে(United Nations Panel on Climate Change)। শেহতীয়াভাৱে বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী এন এইচ ৰবীন্দ্রনাথে দেশৰ ১২ খন ৰাজ্যত চলোৱা অধ্যয়ন মতে, অসম, মিজোৰাম, জম্মু আৰু কাশ্মীৰ উদ্বেগজনকভাবে জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰিছে । এইবছৰৰ দুটা বানপানীত ৰাজ্যৰ বানপানী ইতিহাসত সৰ্বাধিক লোকৰ মৃত্যু হোৱাৰ লগতে অধিক পশুধনৰ মৃত্যু হৈছে । চৰকাৰী তথ্য মতে,এই বছৰৰ দুটা বানপানীত 195গৰাকীয়ে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 37গৰাকী সন্ধানহীন হৈ আছে ।
লগতে পঢ়ক:etv comment image Thumbnail image Assam Cabinet Decisions: মহাৰাষ্ট্ৰত নামঘৰ, অসমত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত